আজি ১৮ জানুৱাৰী

▶️১৬৭৮ চনৰ এই দিনটোতেই ইংৰাজী সাহিত্যিক জন বানিয়নৰ প্ৰখ্যাত গ্ৰন্থ ‘দি পিলগ্ৰিমছ প্ৰগ্ৰেছ’ৰ প্ৰথম খণ্ড প্ৰকাশ। ইয়াৰ অসমীয়া অনুবাদ ‘যাত্ৰীকৰ যাত্ৰা’ ১৮৫১ চনত ‘অৰুনোদই’ত ছোৱা ছোৱাকৈ প্ৰকাশ পাইছিল।
▶️১৯২১ চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ প্ৰথম অসম আগমন।
▶️১৯৩৬ চনৰ এই দিনটোতেই ভাৰতজাত ইংৰাজ সাহিত্যিক ৰুডিয়াৰ্ড কিপলিঙৰ মৃত্যু হৈছিল। ‘দা জাংগল বুক’ তেওঁৰ জনপ্ৰিয় আৰু প্ৰখ্যাত গ্ৰন্থ। ১৯০৭ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
▶️১৯৪০ চনৰ এই দিনটোতেই সাহিত্যিক, বুৰঞ্জীবিদ কনকলাল বৰুৱাৰ মৃত্যু হৈছিল।
▶️১৯৪৭ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ কন্ঠশিল্পী কুন্দনলাল ছাইগলৰ মৃত্যু হৈছিল।
▶️১৯৫৮ চনৰ এই দিনটোতেই গুৱাহাটীত জাতীয় কংগ্ৰেছৰ ৬৩ সংখ্যক অধিবেশন অনুস্থিত হৈছিল।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই এম এম পাঞ্চিচি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছিল। ১৯৯৮ চনৰ ৯ অক্টোবৰলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই সমগ্ৰ ৰাজ্যতে মাতৃভাষা মাধ্যমৰ প্ৰাথমিক আৰু নিম্ন বুনিয়াদী বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত ইংৰাজী বিষয়ৰ পাঠদান আৰম্ভ হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী ৰূপে সুশীল কুমাৰ সিন্দেৰ শপতগ্ৰহণ।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই LTTEৰ মুৰব্বী প্ৰভাকৰণৰ মৃত্যুৰ বাতৰি অস্বীকাৰ।।

You might also like
Leave A Reply

Your email address will not be published.