আজি ২২ ডিচেম্বৰ

▶️আজি বছৰৰ আটাইতকৈ চুটি দিন।
▶️১৮৮০ চনৰ এই দিনটোতেই ইংৰাজ মহিলা ঔপন্যাসিক জৰ্জ এলিয়টৰ মৃত্যু হৈছিল।
▶️১৮৮২ চনৰ আজিৰ দিনটোতেই ইবছেনৰ প্ৰসিদ্ধ নাটক ‘এন এনিমী অব দ্য পিপল’ প্ৰকাশ পাইছিল ।
▶️১৮৮৭ চনৰ এই দিনটোতেই প্ৰসিদ্ধ গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্ম হৈছিল।
▶️১৯০১ চনৰ আজিৰ দিনটোতেই পশ্চিমবংগৰ বোলপুৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ব্ৰহ্মচৰ্যাশ্ৰম আনুষ্ঠানিকভাৱে মুকলি হৈছিল। এই প্ৰতিষ্ঠানেই পাছলৈ বিশ্বভাৰতী বিশ্ববিদ্যালয় হৈ পৰে।
▶️১৯৪৪ চনৰ এই দিনটোতেই ভিয়েটনাম পিপুলছ পাৰ্টী প্ৰতিষ্ঠা হৈছিল।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই আইৰিছ ঔপন্যাসিক তথা নাট্যকাৰ ছেমুৱেল বেকেটৰ মৃত্যু হৈছিল। ১৯৬৯ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
▶️১৯৯২ চনৰ এই দিনটোতেই পঞ্চায়তীৰাজ আৰু নগৰপালিকা আইন বলৱৎ হৈছিল।
▶️১৯৯৫ চনৰ এই দিনটোতেই হাৰিয়ানাৰ এখন স্কুলৰ বাৰ্ষিক অনুষ্ঠানত বিদ্যুতৰ বিজুতিৰ ফলত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ চাৰিশতাধিক লোক নিহত হৈছিল। ইয়াৰে অধিকাংশই আছিল শিশু।
▶️২০০০ চনৰ আজিৰ দিনটোতেই ‘বাঘে টাপুৰ ৰাতি’ গ্ৰন্থৰ বাবে অপূৰ্ব শৰ্মালৈ সাহিত্য অকাডেমি বঁটা ঘোষণা।
▶️২০০১ চনৰ আজিৰ দিনটোতেই প্ৰথিতযশা সাহিত্যিক মহিম বৰালৈ তেওঁৰ ‘এধানি মাহীৰ হাঁহি’ নামৰ উপন্যাসৰ বাবে ২০০১ চনৰ সাহিত্য অকাডেমি বঁটা ঘোষণা।।

 

You might also like
Leave A Reply

Your email address will not be published.