ইছলামাবাদত আত্মঘাতী বোমাৰুৰ ভয়ংকৰ বিষ্ফোৰণ!

ইণ্টাৰনেচনেল ডেস্ক:

পাকিস্তানৰ ৰাজধানী ইছলামাবাদত আত্মঘাতী বোমাৰুৰ ভয়ংকৰ বিষ্ফোৰণ। শুকুৰবাৰে ইছলামাবাদৰ আই-১০/৪ ছেক্টৰত সংঘটিত হয় এই আত্মঘাতী বোমাৰুৰ বিস্ফোৰণ । বিস্ফোৰণত থিতাতে নিহত এজন আৰক্ষী জোৱান। আনহাতে, বিস্ফোৰণত আহত হয় দুজন আৰক্ষী জোৱানকে ধৰি মুঠ ছয়জন লোক । নিয়মীয়া বাহন তালাচীৰ সময়ত এখন সন্দেহজনক বাহন আৰক্ষীয়ে ৰখোৱাৰ সময়তে সংঘটিত হয় এই আত্মঘাতী বোমাৰুৰ বিস্ফোৰণ। খৱৰটো টুইটযোগে সদৰি কৰে ইছলামাবাদ আৰক্ষীয়ে। বাতৰি প্ৰস্তুত কৰা সময়লৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।।

You might also like
Leave A Reply

Your email address will not be published.