চীনত কয়লা খনিত ভয়ংকৰ দুৰ্ঘটনা!

চীনত কয়লা খনিত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাটো সংঘটিত হয়!

ইণ্টাৰনেচনেল ডেস্ক:

চীনত কয়লা খনিত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাটো সংঘটিত হয় বুধবাৰে বিয়লি দেশখনৰ উত্তৰ ইনাৰ মংগোলিয়া অঞ্চলত আলক্সা লীগৰ খনিটোত। কয়লা খনি ভাঙি খহি যোৱাৰ ফলত কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ধংসাৱশেষৰ তলত সন্ধানহীন হৈ আছে ৫৭ জনতকৈ অধিক লোক।

উল্লেখ্য যে, চীনত কয়লা আৰু অন্যান্য খনিজ খননৰ বাবে ইনাৰ মংগোলিয়া এক মূল অঞ্চল। এই অঞ্চলটোৰ পাহাৰ, ঘাঁহনিৰে ভৰা নৈসৰ্গিক পৰিৱেশটো বিধ্বস্ত কৰাৰ বাবে সমালোচিত হৈ আহিছে চীন।।

You might also like
Leave A Reply

Your email address will not be published.