শনিবাৰে ঝাৰখণ্ডৰ ৰাঁচীৰ নাৰ্চিং হোমত ভয়ংকৰ অগ্নিকাণ্ড। ৰাঁচীৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ নিলগৰ ধনবাদৰ বেংক ম’ৰ অঞ্চলৰ নাৰ্চিং হোম-কাম-প্ৰাইভেট হাউচৰ ষ্ট’ৰ ৰুমত পুৱা প্ৰায় ২ বজাত সংঘটিত হয় অগ্নিকাণ্ডটো। অগ্নিকাণ্ডত নিহত দুজন চিকিৎসককে ধৰি কমেও ছয়জন লোক ।নিহতসকলৰ ভিতৰত আছে চিকিৎসা প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ডাঃ বিকাশ হাজৰা, পত্নী ডাঃ প্ৰেমা হাজৰা, মালিকৰ ভতিজা সোহন খামাৰী আৰু ঘৰুৱা সহায়িকা তাৰা দেৱী। অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।।
