কাহানিও ঘূৰি নহাৰ বাটেৰে গ’লগৈ পৰিমিতা। পঞ্চভূতত বিলীন হ’ল পৰিমিতাৰ পাৰ্থিৱ শৰীৰ। মহানগৰীৰ ‘নৱগ্ৰহ শ্মশান’ত শেষকৃত্য সম্পন্ন কৰা হ’ল মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰবক্তা পৰিমিতাৰ৷ মেধাৱী পৰিমিতাৰ শৰীৰ অগ্নিশিখাই আঁৱৰি ধৰা সময়ত শ্মশানৰ চৌদিশে দেখা গৈছিল কেৱল উচুপনি৷পৰিমিতাৰ অনাকাংক্ষিত মৃত্যুত উচুপি উঠিল পৰিয়ালৰ লোক, আত্মীয়, বন্ধু বৰ্গৰ লগতে সহস্ৰ জন। বৃহস্পতিবাৰে সন্ধিয়া ৭:৩০ বজাত ‘নৱগ্ৰহ শ্মশান’ত মৰমৰ ভগ্নী মধুমিতাই মুখাগ্নি কৰি চিৰবিদায় জনায় মেধাৱী পৰিমিতাক।
পৰিমিতাক হেৰুৱাই শোকত ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো, হেৰাই গৈছে পিতৃ-মাতৃৰ মুখৰ মাত।।
