দেওবাৰে নৱবৰ্ষৰ পুৱাতে এক ভয়ংকৰ বিষ্ফোৰণত কঁপি উঠিল আফগানিস্তানৰ ৰাজধানী চহৰ কাবুল। কাবুলৰ এটা সামৰিক বিমানবন্দৰৰ সমীপত সংঘটিত হৈছে এই বিষ্ফোৰণটো। বিস্ফোৰণত একাধিক লোকৰ মৃত্যুৰ লগতে আহত হয় বহুজন। উল্লেখ্য যে,আফগানিস্তানৰ ৰাজধানীৰ বিমানবন্দৰৰ সমীপতে তালিবানৰ স্বৰাজ মন্ত্ৰালয়ৰ ভৱন। বাতৰি যুগুটোৱা পৰ্যন্ত কোনো সংগঠনে বিষ্ফোৰণৰ দায়িত্ব লোৱা নাই।।
