ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ গৰাহত বিশ্ব! এফালে ভয়ংকৰ ভূমিকম্পত প্ৰায় আঠ হাজাৰ লোকৰ মৃত্যু, আনফালে ভূমিস্খলনত মৃত্যু ডজনৰো অধিক লোক। যোৱা সপ্তাহৰ শেষৰ ফালে হোৱা ধাৰাষাৰ বৰষুণৰ ফলত দক্ষিণ আমেৰিকাৰ পেৰুত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলন। ভূমিস্খলনত মৃত্যুৰ সংখ্যা কমেও ১৫ জনলৈ বৃদ্ধি পাইছে। দেশখনৰ আৰেকুইপিয়া চহৰৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত চহৰ চেকোচাৰ সমীপত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত আহত হয় আন ২০ জন লোক। আনহাতে, সন্ধানহীন হৈ আছে আন দুজন লোক।ভূমিস্খলনত কমেও ৩১০টা ঘৰ ধ্বংস হৈছে যদিও এই সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ভূমিস্খলনত আক্ৰান্ত লোকসকলৰ উদ্ধাৰ কাৰ্য্য অব্যাহত আছে।।
