মুকলি আকাশৰ তললৈ প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধু!

৩৪ বছৰ পূৰ্বে পথ বিবাদৰ গোচৰত অভিযুক্ত হৈ কাৰাবাস খাতি ১০ মাহৰ পাছত আজি পাটিয়ালা জেলৰ পৰা ওলাই আহিব সিদ্ধু

নেচনেল ডেস্ক:

জি মুকলি আকাশৰ তললৈ প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধু। ৩৪ বছৰ পূৰ্বে পথ বিবাদৰ গোচৰত অভিযুক্ত হৈ কাৰাবাস খাতি ১০ মাহৰ পাছত আজি পাটিয়ালা জেলৰ পৰা ওলাই আহিব ৫৯ বছৰীয়া পঞ্জাৱ কংগ্ৰেছৰ নেতাগৰাকী।সিদ্ধুৰ নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত এই কথা প্ৰকাশ।

মুক্তিৰ পূৰ্বে সিদ্ধুক পাটিয়ালা জেলৰ বাহিৰত আদৰণি জনাবলৈ সমবেত হয়গৈ কেইবাজনো কংগ্ৰেছ নেতাসহ বহু সমৰ্থক । পাটিয়ালা চহৰৰ বহু ঠাইত সিদ্ধুক আদৰণি জনাবলৈ সমৰ্থকসকলে বাটে-ঘাটে পোষ্টাৰ আৰু হৰ্ডিং লগোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, পথ বিবাদ গোচৰত নৱজোৎ সিং সিদ্ধুক এবছৰৰ কাৰাদণ্ড বিহা হৈছিল।তেওঁ অহা মে’ মাহত মুকলি হ’বলগীয়া আছিল যদিও কাৰাগাৰত “ভাল আচৰণ”ৰ বাবে তেওঁক আগতীয়াকৈ মুকলি কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.