অৱশেষত মৃত্যুৰে হাৰ মানিলে নন্দিতাই

ব্যুৰ’ ৰিপৰ্ট, এন ই ভাৰত

অৱশেষত ৪ দিন ধৰি মৃত্যুৰে যুঁজি অকালতে আঁতৰি গ’ল নন্দিতা শইকীয়া।ৰাজ্যবাসীৰ কাতৰ প্ৰাৰ্থনায়ো মন গলাব নোৱাৰিলে নিষ্ঠুৰ নিয়তিৰ। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিংহোমৰ ক’মাত চিকিৎসকৰ আপ্ৰাণ চেষ্টায়ো প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ। যোৱা শণিবাৰে ৰিন্টু শৰ্মা নামৰ এক ঘাটকে ধেমাজিৰ মাজমজিয়াত দাৰে ঘপিয়াই প্ৰাণনাশৰ চেষ্টা চলাইছিল নন্দিতাৰ লগতে তেওঁৰ বান্ধবী কশ্মীতা দত্তৰ। কলেজৰ পৰা ওভোটাৰ পথত ধেমাজিৰ বাছ আস্থানত সংঘটিত ঘাটক ৰিন্টু শৰ্মাৰ এই অতৰ্কিত আক্ৰমণ প্ৰতিহত কৰিবলৈ যাওঁতে গুৰুতৰ ভাবে আহত হৈছিল কশ্মীতা দত্ত নামৰ ছাত্ৰীগৰাকীৰ পিতৃও।ঘাটকৰূপী নৰপিশাচ ৰিন্টু শৰ্মাক গ্ৰেপ্তাৰৰ পাছত এই বৰ্বৰ দানৱৰ ফাঁচীৰ দাবীত এতিয়াও উত্তাল হৈ ৰৈছে ধেমাজি।ঘটনাৰ লগে লগে সংকটজনক অবস্থাত দুয়োগৰাকী ছাত্ৰীক ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিংহোমত ভৰ্তী কৰোৱা হৈছিল যদিও শেষ ৰক্ষা ন’হল দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ। মৃত্যু যন্ত্ৰনাত চটফটাই অৱশেষত চিকিৎসালয়তে আজি শেষ নিশ্বাস ত্যাগ কৰিলে নন্দিতাই।আনহাতে নৰপিশাচটোৰ আক্ৰমণত গুৰুতৰভাবে আহত আনগৰাকী ছাত্ৰী কশ্মীতা আৰু তেওঁৰ পিতৃ এতিয়াও চিকিৎসাধীন।নন্দিতা শইকীয়াৰ কৰুণ মৃত্যুৰ ঘটনাই সম্প্ৰতি শোকাচ্চন্ন কৰি তুলিছে সমগ্ৰ ৰাজ্য।।

You might also like
Leave A Reply

Your email address will not be published.