আজি বিশ্ব গঁড় দিৱসৰ কিছু জানিবলগীয়া কথা

আজি বিশ্ব গঁড় দিৱস | গঁড়ৰ Rhinoceros শব্দটো ইংৰাজী যেন লাগিলেও প্ৰকৃততে ই গ্ৰীক শব্দৰ পৰাহে আহিছে | গ্ৰীক ভাষাত Rhino মানে নাক আৰু Ceros ৰ অৰ্থ শিং বা খৰ্ড়্গ | গতিকে নাকত শিং থকা প্ৰাণীবিধেই হৈছে Rhinoceros |পৃথিৱীত মুঠ পাঁচ প্ৰজাতিৰ গঁড় পোৱা যায় | সেইকেইটা হৈছে, ক’লা গঁড়, বগা গঁড়, এশিঙীয়া গঁড়, সুমাত্ৰান গঁড় আৰু জাভান গঁড় | গঁড় এতিয়া বিপন্নপ্ৰায় প্ৰাণীৰ তালিকাভুক্ত জীৱ | গঁড়ৰ বৃদ্ধি আৰু সুৰক্ষাৰ বাবে ২০১০ চনত বিশ্ব বন্যপ্ৰাণী নিধিয়ে সেয়ে ২২ ছেপ্তেম্বৰ তাৰিখটো প্ৰথম বিশ্ব গঁড় দিৱস ৰূপে ঘোষণা কৰে | ইয়াৰ পিচত জিম্বাব’ৱেৰ লিজা জেনী কেম্পবেল নামৰ পৰিবেশকৰ্মী এগৰাকীৰ আশাসুধীয়া প্ৰচেষ্টাৰ অন্তত সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতাৰে বিশ্ব গঁড় দিৱস দেশে দেশে উদযাপিত হৈ আহিছে |
পৃথিৱীত এতিয়া প্ৰাকৃতিক পৰিবেশত থকা বগা গঁড়ৰ সংখ্যা মাথো দুটা।
(শান্তনু বৰগোহাঁই)

You might also like
Leave A Reply

Your email address will not be published.