পেহলগামৰ শ্বহীদ লেফটেনেণ্ট বিনয় নাৰিয়াললৈ অসম চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি কেশৱ মহন্তৰ
শুক্ৰবাৰে হাৰিয়ানাৰ ঘৰত গৈ শ্বহীদ পৰিয়ালক মুখ্যমন্ত্ৰীৰ শোকবাৰ্তাসহ ৫ লাখ টকাৰ চেক অৰ্পণ
কৰ্নাল (হাৰিয়ানা), ২৩ মে’ : কাশ্মীৰৰ পেহলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰোচিত আক্ৰমণত মৃত্যুবৰণ কৰা ভাৰতীয় নৌসেনাৰ লেফটেনেণ্ট বিনয় নাৰৱালৰ হাৰিয়ানাৰ বাসগৃহলৈ গৈ আজি অসম চৰকাৰৰ হৈ শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ৰাজ্যৰ ৰাজহ-দুৰ্যোগ প্ৰশমন, বিজ্ঞান-প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই। পেহলগামত যোৱা ২২ এপ্ৰিলত সন্ত্ৰাসবাদীৰ হাতত মৃত্য ঘটা আটাইকেইগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই অসম কেবিনেটে লোৱা সিদ্ধান্তৰ আধাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে ৰাজহমন্ত্ৰী মহন্তই আজি হাৰিয়ানাৰ কৰ্নালৰ ছেক্টৰ-৭ স্থিত শ্বহীদ নাৰৱালৰ গৃহত উপস্থিত হৈ শোকসন্তপ্ত নাৰৱাল পৰিয়ালক অসম চৰকাৰৰ হৈ সমবেদনা জ্ঞাপন কৰে। শ্বহীদগৰাকীৰ পিতৃ ৰাজেশ নাৰৱাল, ককাক হাৱা সিং, মাতৃ আশা নাৰৱাল আৰু ভগ্নী সৃষ্টি নাৰৱালক দেখা কৰি ৰাজহ মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ আনুষ্ঠানিক শোকবাৰ্তা সম্বলিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পত্ৰৰ লগতে অসম চৰকাৰৰ ফালৰ পৰা শ্বহীদগৰাকীৰ পৰিয়াললৈ আগবঢ়োৱা পাঁচ লাখ টকাৰ চেক প্ৰদান কৰে। উল্লেখ্য যে, পেহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত প্ৰতিগৰাকী শ্বহীদৰ পৰিয়াললৈ অসমৰ ৰাইজৰ হৈ সমবেদনা জনোৱাৰ লগতে অসম চৰকাৰৰ ফালৰ পৰা পাঁচ লাখকৈ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ বাবে ৰাজ্যিক কেবিনেটে শেহতীয়াকৈ সিদ্ধান্ত লয়। সেই অনুসৰি, মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্য মন্ত্ৰীসভাৰ এগৰাকীকৈ সদস্যক প্ৰতিগৰাকী শ্বহীদৰ ঘৰলৈ গৈ পৰিয়ালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ হৈ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন তথা পৰিয়ালক সমবেদনা জনোৱাৰ লগতে আৰ্থিক সাহায্যৰ চেক প্ৰদানৰ দায়িত্ব ন্যস্ত কৰে। সেইমতে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী মহন্তই শুক্ৰবাৰে দুপৰীয়া কৰ্নালস্থিত শ্বহীদ গৰাকীৰ গৃহত উপস্থিত হৈ প্ৰথমে শ্বহীদ নাৰৱালৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জনায়। ২৬ বছৰীয়া শ্বহীদ লেফটেনেণ্ট নাৰৱালৰ পিতৃ ৰাজেশ নাৰৱাল আৰু ককাক হাৱা নাৰৱালক এখনকৈ গামোচাৰে সন্মানো জনায় অসম চৰকাৰৰ প্ৰতিনিধি মন্ত্ৰীগৰাকীয়ে। কৰ্নালত শ্বহীদ পৰিয়ালটিক দেখা কৰাৰ সময়ত অসম চৰকাৰৰ মীন আৰু আৱকাৰী বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰ আৰু কৰ্নালৰ সদৰ মহকুমা দণ্ডাধীশ অনুভৱ মেহতাও উপস্থিত থাকে।