“হে বিপ্লৱী বীৰ অধিনায়ক হে
ভাঙা বন্দীশাল কৌটি কালৰ
মুক্তি হওঁক নিৰ্যাতিতৰ….”
মুক্তিৰ হকে বিপ্লৱৰ পথেৰে জীৱনৰ জয়গান গোৱা সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু দিন অৰ্থাৎ ৰাভা দিৱস ৷ ৰাভা গ’ল৷ কিন্তু ৰাভাৰ আভা প্ৰতিজন অসমীয়াৰ জীৱনে -মৰণে, শয়নে- সপোনে অমৰ আভা৷ সেয়েহে কাৰাবাসী ৰাভাৰ উদ্দেশ্যে কবিতাৰেও প্ৰশ্ন কৰা হৈছিল-
“ বিষ্ণুৰাভা, এতিয়া কিমান ৰাতি ,
তুমি সাৰে আছা,
সাৰে আছো আমি আৰু সাৰে আছে প্ৰীতি…।”
১৯০৯ চনৰ ৩১ জানুৱাৰী তাৰিখে বাংলাদেশৰ ঢাকাত বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল৷ ৰাভাৰ পিতৃ আছিল বৃটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপাল চন্দ্ৰ মুছাহাৰী৷ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষা আৰম্ভ কৰা বিষ্ণু প্ৰসাদ ৰাভাই ১৯২৬ চনত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ তাৰ পাছত কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে তেখেত কলকাতালৈ যায় আৰু ১৯৩১ চনত পঢ়া আধাতে সাং কৰি ঘৰলৈ উভতি আহে৷
১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত ৰাভাই নটৰাজ শিৱৰ তাণ্ডৱ নৃত্য প্ৰৰ্দশন কৰি ভূয়সী প্ৰশংসা লাভ কৰে৷ তাতেই ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণে ৰাভাক ‘কলাগুৰু’ উপাধি প্ৰদান কৰে৷১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণুপ্ৰসাদ ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে৷ ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰাৰ পাছত ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে৷ ১৯৫২ চনত ৰাভা গ্ৰেপ্তাৰ হয় আৰু এবছৰ কাৰাবন্দী হৈ থাকে৷
বিষ্ণু প্ৰসাদ ৰাভা আছিল একেধাৰে কবি,সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্য পটীয়সী, চিত্ৰকৰ, অভিনেতা আৰু মুক্তিযুঁজাৰু৷
স্বাধীনতা আন্দোলত সক্ৰিয় অংশগ্ৰহণৰ উপৰিও বিপ্লৱী গীত, কবিতাৰে প্ৰতিগৰাকী অসমীয়াৰ অন্তৰ আত্মাত বিপ্লৱৰ ভাৱ জগাই তুলিছিল এইদৰে-
“দুখীয়াৰ কলিজা নিঙাৰি লৱ
টুপি টুপি তেজ
শুহি শুহি পিয়,
ৰুকি ৰুকি মাংস
চোবাই খাৱ
কুৰুকি হাড় কেইডালো চোবাৱ
হুচিয়াৰ/ হুচিয়াৰ/
ধনী মহাজন জমিদাৰ,হুচিয়াৰ…..।”
প্ৰেমিক হিচাপেও ৰাভা আছিল অতুলনীয়৷ পত্নীৰ মৃত্যুৰ পিছত তেখেতে লিখিছিল——-
“পৰজনমৰ শুভলগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা…৷”
১৯৬৯ চনৰ ২০ জুন তাৰিখে পাকস্থলীৰ কৰ্কট ৰোগত ভুগি ৰাভাৰ মৃত্যু হয়৷ চিৰসেউজীয়া অমৰ সৃষ্টিৰাজি তথা আদৰ্শৰে ৰাভা প্ৰতিগৰাকী অসমীয়াৰ বাবে প্ৰাতঃস্মৰণীয় হৈ থাকিব ৷ জীৱনৰ অন্তিম ক্ষণৰ সৃষ্টি এই গীতটোৱে প্ৰতিগৰাকী অসমীয়াক দি যাব অমৰ আভা-
“এয়ে মোৰ শেষ গান
মোৰ জীৱন নাটৰ শেষ ৰাগিনী
কল্যান খৰমান…৷”
প্ৰজন্মা চহৰীয়া