নেচনেল ডেস্ক:
ভাৰতীয় বায়ুসেনাই ক্ৰয় কৰিব অতিৰিক্ত ১০০খন থলুৱাভাৱে নিৰ্মিত তেজছ Mk-1A যুঁজাৰু বিমান। বায়ুসেনাই প্ৰায় চাৰি দশক পুৰণি মিগ-২১ যুঁজাৰু বিমানৰ ঠাইত ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে অতিৰিক্ত ১০০খন তেজাছ Mk-1A । হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল)ৰ পৰা ক্ৰয় কৰাৰ বাবে লাইট কম্বেট এয়াৰক্ৰাফ্ট (এল চি এ) যুদ্ধ বিমানৰ অৰ্ডাৰ দিব বুলি জনাইছে বায়ুসেনাৰ সূত্ৰই। যুঁজাৰু বিমান কেইখন ক্ৰয়ৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ক প্ৰস্তাৱ দাখিল কৰা হৈছে।
খবৰ মতে, অহা কেইবছৰমানৰ ভিতৰত ৩০০ খন তেজছ Mk-1A যুঁজাৰু বিমান ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ’ব।।