হাজোত চাঞ্চল্যকৰ ঘটনা

কুলহাটীৰ কলাজল নৈত মৃতদেহ উদ্ধাৰ

হাজোৰ কুলহাটীৰ কলাজল নৈত মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃতদেহটো কুলহাটী দুৰ্গা মন্দিৰৰ সমীপৰ ধ্ৰুৱ দাসৰ বুলি চিনাক্ত কৰা হৈছে। শুকুৰবাৰে ৰাতিপুৱাৰ ভাগত বন্ধুৱে ফোন কৰা বুলি ঘৰৰ পৰা ওলাই আহিছিল যুৱকজন। তাৰ পিছৰে পৰা পৰা সন্ধানহীন হৈ আছে ধ্ৰুৱ দাস। ধ্ৰুৱ দাসৰ মটৰচাইকেলখন শনিবাৰে সন্ধিয়া উদ্ধাৰ হৈছিল চেচাঁমুখৰ শ্মশানৰ চৌহদত। তিনিদিন পিছত মৃতদেহ উদ্ধাৰ হোৱা ধ্ৰুৱ দাসৰ এই ঘটনা হত্যা নে আত্মহত্যা এতিয়াও জানিব পৰা হোৱা নাই। হাজো আৰক্ষীয়ে তদন্তৰ পাছত হে আহিব প্ৰকৃত সত্য।

You might also like
Leave A Reply

Your email address will not be published.