আগ্ৰাসী তালিবানীৰ নৃশংসতা

ইন্টাৰনেচনেল ডেস্ক-

কান্দাহাৰ প্ৰদেশৰ স্পিন বোল্ডাক জিলাত তালিবানৰ নৰসংহাৰ। তালিবান বন্দুকধাৰীসকলৰ এটা দলে স্পিন বোল্ডাকত ১০০ তকৈও অধিক নাগৰিকক হত্যা কৰিছে।
আফগান অভ্যন্তৰীণ মন্ত্ৰালয়ে তালিবানক সাধাৰণ লোকৰ নৃশংস হত্যাকাণ্ডৰ বাবে জগৰীয়া কৰিছে। অভ্যন্তৰীণ মন্ত্ৰালয়ৰ এজন মুখপাত্ৰ মিৰৱাইছ ষ্টানেকজাই কয়, “তেওঁলোকৰ পাকিস্তানী পঞ্জাৱী বিষয়াসকলৰ নিৰ্দেশত সন্ত্ৰাসবাদীয়ে স্পিন বোল্ডকৰ কিছুমান অঞ্চলত নিৰীহ আফগানসকলৰ ঘৰত আক্ৰমণ চলাই, ঘৰবোৰ লুটি লয় আৰু ১০০ জন নিৰীহ লোকক হত্যা কৰে।”

উল্লেখ্য যে, যোৱা সপ্তাহত তালিবানে আফগানিস্থানৰ স্পিন বোল্ডাক জিলা দখল কৰিছিল। পৰৱৰ্তী সময়ত তালিবান সদস্যক চহৰখনৰ মাজেৰে উচ্ছৃংখল ভাবে বাহন চলোৱা , ঘৰ লুণ্ঠন কৰা আৰু অঞ্চলটোৰ পৰা পলাই যোৱা চৰকাৰী বিষয়াসকলৰ বাহন জব্দ কৰা দেখা গৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.