ADVANTAGE ASSAM 2.O ত প্ৰথম দিনা ৫ লাখ কোটি টকাৰ বিনিয়োগ।
আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল Advantage Assam 2.o
দেশ-বিদেশৰ বহু উদ্যোগীয়েও দিলে বহু বিনিয়োগৰ বাৰ্তা।
আম্বানী-আদানী-টাটাই অসমত বিনিয়োগ কৰিব ১ লাখ ৩০ হাজাৰ কোটি টকা।
আম্বানীয়ে অহা ৫ বছৰত বিনিয়োগ কৰিব ৫০ হেজাৰ কোটি টকা।
আদানীয়ে বিনিয়োগ কৰিব ৫০ হেজাৰ কোটি টকা।
টাটা গ্ৰুপে অসমত বিনিয়োগ কৰিব ৩০ হেজাৰ কোটি টকা।
এডভাণ্টেজ অসমৰ জৰিয়তে বহু বিনিয়োগকাৰীয়ে অসম চৰকাৰৰ সৈতে স্বাক্ষৰ কৰিছে চুক্তি। আজি এডভাণ্টেজ আছাম ২.o সন্মিলনত উপস্থিত থাকি অসমত বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিলে দেশৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানীৰ লগতে টাটা গ্ৰুপৰ অধ্যক্ষ এন নটৰাজনে।
মুকেশ আম্বানীয়ে অহা ৫ বছৰত অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে । মুকেশ আম্বানীয়ে অসমত ৫টা দিশক অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰে ।
অসমৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ ঘোষণা-
১. হোটেল অ’বেৰয়ৰ দৰে অসমতো স্থাপন কৰা হ’ব সপ্ততাৰকাযুক্ত হোটেল।
২. AI প্ৰযুক্তি বিদ্যাত বিনিয়োগ কৰিব ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে।
৩. শুৱালকুছিৰ বস্ত্ৰ উদ্যাগটো বিনিয়োগ কৰিব।
৪. ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে গঠন কৰিব মেগা ফুড পাৰ্ক।
৫. অসমত বা’য় গেছ প্ৰকল্প নিৰ্মাণ কৰিব ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে।
এডভাণ্টেজ আছাম ২.০ত উদ্যোগপতি গৌতম আদানীৰ ঘোষণা-
আগন্তক ৫ বছৰত অসমত ৫০ হেজাৰ কোটি টকা বিনিয়োগ কৰিব আদানী গ্ৰুপে।
বিমানবন্দৰ, এৰ’চিটী, চিটীগেছ, চিমেণ্ট, পথ নিৰ্মাণত বিনিয়োগ কৰিব আদানী গ্ৰুপে।
অসমত বিনিয়োগৰ অপাৰ সম্ভৱনা থকা বুলি উল্লেখ কৰে বিশিষ্ট উদ্যাগপতিগৰাকীয়ে।
আদানী গ্ৰুপৰ বিনিয়োগে সৃষ্টি কৰিব কৰ্ম সংস্থাপন।
ADVANTAGE ASSAM 2.O ত টাটা গ্ৰুপৰ বৃহৎ ঘোষণা। অধ্যক্ষ এন নটৰাজনে ঘোষণা বিনিয়োগৰ ন ন তথ্য । ৫ বছৰত টাটা গ্ৰুপে অসমত বিনিয়োগ কৰিব ৩০ হেজাৰ কোটি টকা। অসমত পুনৰ নৱীকৰণযোগ্য শক্তি খণ্ডত বিনিয়োগ কৰিব টাটা গ্ৰুপে। টাটাই ইলেক্ট্ৰনিক আৰু মোবাইল নিৰ্মান কোম্পানী স্থাপন কৰিব অসমত। ‘টাটা গ্ৰুপে অসমত ৫৫ হেজাৰ নিযুক্তি দিব’। ‘ছেমিকণ্ডাক্টৰৰ জৰিয়তে ২৪ত অসমৰ সৈতে বিশেষ সম্পৰ্ক গঢ়ি উঠিছে।’ ‘অসমৰ সৈতে সম্পৰ্কৰ এয়া আৰম্ভণিহে বুলি মন্তব্য টাটা গ্ৰুপৰ অধ্যক্ষ এন নটৰাজনৰ।’
https://fb.watch/xZu347srbS/