সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আঁচনি সমূহৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আঁচনি সমূহৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

অধিক হিতাধিকাৰীৰ কাষ চাপিবলৈ সজাগতা অভিযানৰ প্ৰয়োজনঃ মন্ত্ৰী হাজৰিকা

দিছপুৰ, ২৪ মে’: আজি দিশপুৰস্থিত জনতা ভৱনত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনস্থ বিভিন্ন কাম-কাজৰ বুজ লোৱাৰ অৰ্থে মন্ত্ৰী পীযুষ হাজৰিকাৰ অধ‍্যক্ষতাত
এখনি পৰ্যালোচনা বৈঠকত অনুষ্ঠিত হয়।

বৈঠকত তৃতীয় লিংগৰ লোকসকলৰ বাবে পৰিচয় পত্ৰ, প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যন্ত আৰু চিকিৎসা তথা প্ৰযুক্তিগত শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম শিক্ষার্থীসকলৰ বাবে ৰাজ্যিক বৃত্তি প্ৰদান, দীনদয়াল দিব্যাংগজন পুনঃসংস্থাপন আঁচনি, বয়োজ্যেষ্ঠ লোকসকলৰ বাবে কল্যাণমূলক আঁচনি, ৰাজ্যিক মাদক দ্ৰব্যবিৰোধী কেন্দ্ৰৰ কাম-কাজ আদিৰ বিষয়ৰ ওপৰত পৰ্যালোচনা কৰা হয়।

মন্ত্ৰীগৰাকীয়ে এই আঁচনিসমূহৰ অধীনত অধিক হিতাধিকাৰীক সামৰি লোৱাৰ বাবে সজাগতা অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কল্যাণমূলক পদক্ষেপসমূহৰ প্ৰভাৱ বৃদ্ধিৰ বাবে সক্ৰিয় প্ৰচাৰ আৰু ফলপ্ৰসূ ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এই বিষয়ত ব‍্যৱস্থা গ্ৰহন কৰিবলৈ বিভাগৰ বিষয়ববীয়াক নিৰ্দেশ দিয়ে।

তেওঁ বিভাগটোক তৃতীয় লিংগৰ ব‍্যক্তিসকলক, বিশেষভাৱে সক্ষম ব্যক্তি আৰু নিচা পুনৰ্বাসন কেন্দ্ৰক প্ৰতিনিধিত্ব কৰা সংস্থাসমূহৰ সৈতে বৈঠকৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে এই প্ৰতিনিধিসকলক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি তেওঁলোকৰ অন্তৰ্ভুক্তি, সৱলীকৰণ আৰু পুনৰ্বাসনৰ কাৰ্য্যকৰী সমাধানৰ বিষয়ে আলোচনা কৰাৰ বাবে এই বৈঠকসমূহ ফলপ্ৰসূ হ’ব বুলি কয়।

ইয়াৰ লগতে অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ অধীনত ৰূপায়ণ কৰা বিভিন্ন আঁচনি, পিএম-অজয় আঁচনি, জিলাভিত্তিক প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ দ্বিতীয় পৰ্যায়ৰ ৰূপায়ণৰ বিষয়ে মন্ত্ৰী গৰাকীয়ে বুজ লয়। বৈঠকত তেওঁ অতি পিছপৰা সম্প্ৰদায়সমূহৰ বিকাশৰ বাবে স্বচ্ছতাৰে আঁচনিসমূহ ক্ষিপ্ৰ ৰূপায়ন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

আজিৰ সভাত বিভাগৰ আয়ুক্ত সচিব পল্লৱ গোপাল ঝা, বিভাগৰ সঞ্চালক ভাস্কৰ জ্যোতি মান্তা, অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক ড° কুলশ্ৰী নাথ সহ বহুকেইগৰাকী বিষয়া উপস্থিত থাকে।

You might also like
Leave A Reply

Your email address will not be published.