Black Box এ পোহৰলৈ আনিব ভয়ংকৰ বিমান দুৰ্ঘটনাৰ প্ৰকৃত ৰহস্য !

জানেনে কি এই Black Box?

Black Box এ পোহৰলৈ আনিব ভয়ংকৰ বিমান দুৰ্ঘটনাৰ প্ৰকৃত ৰহস্য ! জানেনে কি এই Black Box?

উৰাজাহাজ দুৰ্ঘটনাৰ পিছত সঠিক কাৰণ উলিয়াবলৈ ব্যৱহাৰ কৰা হয় ব্লেকবক্স (Black Box) । এটা অৰ্থত ইয়াক বিমানৰ ডিজিটেল সাক্ষী বুলিও ক’ব পাৰি । যাক অসমীয়া ভাষাত ক’ব পাৰি ‘ক’লা বাকচ’ বা ‘বিমানৰ স্মৃতি সংৰক্ষক’।
কিন্তু আপোনালোকে জানেনে এই সৰু যন্ত্ৰটোৱে কেনেদৰে কাম কৰে আৰু ইয়াৰ প্ৰয়োজনীয়তা কি?

দেশ কঁপাই যোৱা আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সময়ত সকলোৰে মুখে মুখে প্ৰচলিত ব্লেকবক্স হৈছে এটা দৃঢ় আৰু অগ্নি আৰু পানী প্ৰতিৰোধক যন্ত্ৰ, যিটো বিমান দুৰ্ঘটনাৰ পিছত উদ্ধাৰ কৰি তাৰ ভিতৰত থকা তথ্য বিশ্লেষণ কৰা হয়। এই ব্লেকবক্স সাধাৰণতে ৰঙা বা কমলা ৰঙৰ হয়, যাতে ইয়াক সহজে চিনাক্ত কৰিব পাৰি। ইয়াক দুটা ভাগত ভগাব পাৰি:
১. ককপিট ভইচ ৰেকৰ্ডাৰ (CVR): ই বিমানৰ ককপিটত হোৱা কথোপকথন, ৰেডিঅ’ সংযোগ, ইঞ্জিনৰ শব্দ আদি ৰেকৰ্ড কৰে।

২. ফ্লাইট ডাটা ৰেকৰ্ডাৰ (FDR): ই বিমানৰ উচ্চতা, বেগ, ইন্ধনৰ পৰিমাণ, উষ্ণতা, চাপ আদি শতাধিক তথ্য সংৰক্ষণ কৰে।

ব্লেকবক্সটো বিশেষভাৱে নিৰ্মাণ কৰা হয় যাতে প্ৰচণ্ড আঘাত, জুইৰ ১১০০ ডিগ্ৰী উষ্ণতা, পানী বা গভীৰ সমুদ্ৰৰ প্ৰচণ্ড চাপতো ইয়াৰ তথ্য সুৰক্ষিতভাৱে মজুত থাকে। ইয়াৰ ভিতৰত এক মেম’ৰি চীপ থাকে যি ২৫ ঘণ্টাৰ কথোপকথন আৰু ২৫ ঘণ্টাৰ ফ্লাইট ডাটা জমা কৰিব পাৰে। এই ব্লেকবক্সৰ ওজন প্ৰায় ৩৪০০ গ্ৰাম আৰু এই ব্লেকবক্স সমূহ ইণ্টাৰনেছনেল চিভিল এভিয়েচন অৰ্গেনাইজেছনৰ নীতি-নিয়ম মানি নিৰ্মাণ কৰা হয়। দুৰ্ঘটনা হৈ যোৱাৰ পিছত বিশেষজ্ঞসকলে এই তথ্যবোৰ বিশ্লেষণ কৰি কাৰণ উলিয়ায়।

১৯৫০ চনত অষ্ট্ৰেলিয়াৰ বৈজ্ঞানিক ডেভিদ ৱাৰ্নে (David Warren) প্ৰথম ব্লেকবক্সৰ ধাৰণা আনিছিল । তেওঁ বুজি পাইছিল যে বিমান দুৰ্ঘটনাৰ কাৰণ জানিবলৈ ককপিটৰ শব্দ ৰেকৰ্ড কৰা প্ৰয়োজন। তাৰ পিছতেই এই যন্ত্ৰৰ আৱিস্কাৰ হয়। বৰ্তমান সময়ত প্ৰতিখন বাণিজ্যিক বিমানত ব্লেকবক্স লগোৱাটো বাধ্যতামূলক।

বৰ্তমান নতুনকৈ ড্ৰোন আৰু এডভান্সড ছেটেলাইট টেকন’ল’জীৰ জৰিয়তে ব্লেকবক্স উদ্ধাৰ কৰাটো সহজ হৈ পৰিছে। লগতে নতুন ব্লেকবক্সবোৰত “আৰ্টিফিচিয়েল ইণ্টেলিজেন্স” (AI) যোগ হৈছে, যিয়ে স্বয়ংক্ৰিয়ভাৱে দুৰ্ঘটনাৰ সংকেত প্ৰেৰণ কৰিব পাৰে।
বিমানৰ ব্লেকবক্স এক অসাধাৰণ বৈজ্ঞানিক সৃষ্টি, যিয়ে দুৰ্ঘটনাৰ ৰহস্য ভেদ কৰে। ই কেৱল তথ্য জমা নকৰে, ই মানুহৰ জীৱন ৰক্ষাৰ গৱেষণাৰ ক্ষেত্ৰত বাটকটীয়া স্বৰূপ। ভৱিষ্যতত আৰু অধিক উন্নত প্ৰযুক্তিৰ সহায়ত ব্লেকবক্সৰ কাম-কাজ আৰু সহজলভ্য হ’ব বুলি আশা কৰিব পাৰি

You might also like
Leave A Reply

Your email address will not be published.