‘Mayday’ কি ? কেতিয়া উৰাজাহাজত ‘Mayday’ শব্দ ব্যৱহাৰ কৰা হয় ? জানো আহক…
উৰাজাহাজত এনে এক শব্দ ব্যৱহাৰ হয় যিটো শব্দ কোনো পাইলটে জীৱনত এবাৰো উচ্চাৰণ কৰিব নিবিচাৰে। ‘Mayday’ক একাংশই কিছু সময় পাছত হ’বলগীয়া মৃত্যুৰ আগজাননী বুলিও কয়।
আকাশমাৰ্গত উৰি থকা উৰাজাহাজ এখনৰ পৰা যেতিয়া পাইলটে সকলো ধৰণৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় তেতিয়া পাইলটে তিনিবাৰ ‘Mayday’ বুলি কয়।
‘Mayday’ হৈছে পাইলটে এয়াৰ ট্ৰেফিক কন্ট্ৰলাৰলৈ পঠিওৱা এক বাৰ্তা। ‘Mayday’ বুলি বাৰ্তা পঠিয়াই পাইলটে স্পষ্ট কৰি দিয়ে যে বিমানখনৰ পৰা পাইলটে সকলো নিয়ন্ত্ৰণ হেৰুৱাইছে আৰু যিকোনো প্ৰকাৰে এয়াৰ ট্ৰেফিক কন্ট্ৰলাৰে বিমানখন আৰু যাত্ৰীসকলৰ জীৱন ৰক্ষা কৰিব লাগে। ‘Mayday’ৰ বাৰ্তা শুনাৰ লগে লগেই এয়াৰ ট্ৰেফিক কন্ট্ৰলাৰে বিমানবন্দৰৰ সকলো গতিবিধি বাতিল কৰি কেৱল যিকোনো প্ৰকাৰে বিমানখনক অৱতৰণ কৰোৱাবলৈ চেষ্টা চলায়।
‘Mayday’ ফ্ৰান্সৰ ”m’aider” শব্দৰ পৰা গ্ৰহণ কৰা এক শব্দ। “m’aider”ৰ পৰা সৃষ্টি হোৱা ‘Mayday’ শব্দটো ১৯২৩ চনত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াক ১৯২৭ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰহণ কৰা হৈছিল।