তামুলপুৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পৰ্যালোচনা সভা

তামুলপুৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পৰ্যালোচনা সভা

তামুলপুৰ, ১৪ জুন, ২০২৫ : আজি অসমৰ জনস্বাস্থ্য কাৰিকৰী তথা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখনি পৰ্যালোচনা সভাত উপস্থিত থাকে। তিনিটা বিষয়ৰ ওপৰত আজিৰ পৰ্যালোচনা সভাখন অনুষ্ঠিত হয়‌। সেয়া হৈছে- অৰুণোদয়; মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান; আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। মন্ত্ৰীগৰাকীয়ে জিলাখনত এই আঁচনিসমূহ কেনে পৰ্যায়ত আছে, তাৰ বিশ্লেষণ তথা পৰ্যালোচনা লয়। আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বাবে তেওঁ কিছু নিৰ্দেশনাও প্ৰদান কৰে। তেওঁ লগতে কয় যে অহা আগষ্ট মাহৰ পৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে মহিলাসকলক ১০ হাজাৰ টকাকৈ দিয়াৰ কামো আৰম্ভ হ’ব। অৰুণোদয়ৰ কামো চলি আছে আৰু বিটিআৰৰ সকলো মহিলাই শীঘ্ৰে এই সুবিধা লাভ কৰিব পাৰিব। লগতে তেওঁ কয়, “মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ সাক্ষাৎকাৰ হৈ গ’ল। বাছনি প্ৰক্ৰিয়া চলি আছে। খুব কম সময়ৰ ভিতৰত তামুলপুৰ জিলাৰ এক হাজাৰতকৈও অধিক যুৱক-যুৱতীয়ে দুই লাখকৈ টকা লাভ কৰিব।” আজিৰ পৰ্যালোচনা সভাখনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপৰি স্থানীয় বিধায়ক জলেন দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য; পাৰিষদ আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

You might also like
Leave A Reply

Your email address will not be published.