কংগ্ৰেছৰ ঐতিহাসিক ভুল:

  •  কংগ্ৰেছৰ ঐতিহাসিক ভুল:
    কেনেদৰে ভাৰতেই পাকিস্তানক এক পাৰমাণৱিক শক্তি হোৱাৰ সুযোগ দিলে….
    সাম্প্ৰতিক সময়ত যিদৰে বহু দেশে পাৰমাণৱিক ভাবুকিৰ সন্মুখীন হ’লে সেই ভাবুকি মষিমূৰ কৰিবলৈ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে, ১৯৮০ৰ দশকত ভাৰতৰ নিৰৱতা আৰু হোহকা-পিচলা নীতিৰ পৰিণতি আজিও সমগ্ৰ দক্ষিণ এছিয়াৰ বাবে এক চৰম দুৰ্ভাগ্যজনক অধ্যায় হৈ ৰ’ল — কি কৰিব পৰা গলহেতেন আৰু কি কৰা নহল!

 

  • হেৰুওৱা সুযোগ

*  ৰ’ৱে নিশ্চিত তথ্য লাভ কৰিছিল যে পাকিস্তানে গোপন গৱেষণা কেন্দ্ৰ কাহুটাত ইউৰেনিয়াম সমৃদ্ধিকৰণৰ কাম আৰম্ভ কৰিছে।
*  সেইসময়তে ইজৰাইলে ভাৰতলৈ প্ৰস্তাৱ আগবঢ়াইছিল — চোৰাংচোৱাৰ তথ্য বিনিময়ৰ পৰা পাক পৰমাণু কেন্দ্ৰত যৌথ আক্ৰমণৰ পৰিকল্পনালৈ । জামনগৰ বিমানঘাটিক মূল আধাৰকেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছিল।
*  ভাৰতীয় সেনাই কাহুটাত পূৰ্ণ পৰ্যায়ৰ বিমান আক্ৰমণ কৰাৰ প্ৰস্তুতিও চলাইছিল ।
*  ভাৰতৰ হাতত আছিল পৰ্যাপ্ত সামৰিক শক্তি আৰু ৰাজনৈতিক সমৰ্থন — য’ত পাকিস্তানৰ পাৰমাণৱিক পৰিকল্পনা আৰম্ভ হোৱাৰ আগতেই শেষ কৰাৰ পূৰ্ণ সুযোগ আছিল।

কিন্তু অন্তিম মুহূর্তত:
*  ইন্দিৰা গান্ধীয়ে আন্তৰ্জাতিক চাপৰ আশংকাত পিছহোহকা দিলে।
*  ৰাজীৱ গান্ধীয়ে বৈদেশিক হেঁচা আৰু শিথিল কূটনীতিৰ কৌশল লৈ এই পৰিকল্পনা সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে।

 

  •  ইয়াৰ ভয়ংকৰ পৰিণাম

*  ১৯৮৮ চনত ৰাজীৱ গান্ধীয়ে বেনাজিৰ ভুট্টোৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰে — য’ত ভাৰত – পাকিস্তানে পৰস্পৰে পৰস্পৰক পৰমাণৱিক ক্ষেত্ৰত আক্ৰমণ নকৰে বুলি প্ৰতিশ্ৰুতিবদ্ধ হয়।
*  এটা দশকৰ পিছত ১৯৯৮ চনত পাকিস্তানে নিজৰ প্ৰথম পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।
*  ইয়াৰ পিছতেই বিগত সময়ত ভাৰত এক ব্যয়বহুল পৰমাণু অস্ত্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হব লগা হল।
*  কাৰ্গিল যুদ্ধ, পাক পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদ আৰু সীমান্তৰ ধাৰাবাহিক সংঘাত — এই সকলোবোৰ পাকিস্তানৰ পৰমাণৱিক ঢালৰ অধীনত সংঘটিত হবলৈ ধৰিলে।
*  পাকিস্তানে আজিও পৰমাণু বোমাৰ ভয় দেখুৱাই আন্তৰ্জাতিক মহলত প্ৰভাৱ বিস্তাৰ কৰাৰ প্ৰয়াস চলাই আহিছে।
*  আশ্বৰ্যজনকভাৱে ইয়াৰ মাজতে INDI-গোটৰ অন্যতম সহযোগী দল CPI(M)-এ নিজৰ ২০২৪ চনৰ নিৰ্বাচনী ইস্তাহাৰত ভাৰতৰ নিউক্লিয়াৰ নীতি বাতিল কৰাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰিছে।

  •  নেতৃত্বৰ পাঠ

যেতিয়া নেতৃত্বৰ সাহস আৰু দৃঢ় সংকল্পৰ প্ৰয়োজন হয় , সেইসময়তে কংগ্ৰেছে আপোচ আৰু বিলম্বিতকৰণৰ পথ বাচি লয়। প্ৰকৃততে দেশৰ দীৰ্ঘম্যাদি সুৰক্ষাৰ এক সুবৰ্ণ সুযোগ হ্ৰস্বম্যাদী কূটনৈতিক বিলাসিতাৰ মোহত অথলে যাবলৈ দিয়া হল।

কংগ্ৰেছৰ এই ব্যৰ্থতাৰ মূল্য ভাৰত আৰু দক্ষিণ এছিয়া অঞ্চলে আজিও অহৰহ বহন কৰি থাকিবলগীয়া হৈছে।

(মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কৰা প’ষ্টৰ অম্পাদিত ৰূপ)

You might also like
Leave A Reply

Your email address will not be published.