তামুলপুৰত অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পৰ্যালোচনা সভা
তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী আৰু অসমৰ জনস্বাস্থ্য কাৰিকৰী তথা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখনি পৰ্যালোচনা সভাত অংশ লয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপস্থিতিত অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু এটি কলি দুটি পাত আঁচনিৰ উপৰি ৰেচন কাৰ্ডৰ শেহতীয়া স্থিতি সম্পৰ্কে পুংখানুপুংখ পৰ্যালোচনা কৰে। জিলাখনলৈ মাননীয় মুখ্যমন্ত্ৰীৰ আগমনৰ আগমুহূৰ্তত অনুষ্ঠিত এই পৰ্যালোচনা সভাখনত অভিভাৱক মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক সকলোবোৰ তথ্য স্পষ্ট আৰু নিয়াৰিকৈ সাজু কৰি ৰাখিবলৈ আহ্বান জনায়। আনহাতে অৰুণোদয় আঁচনি সন্দৰ্ভত দল-মত নিৰ্বিশেষে সকলো যোগ্য পৰিয়ালেই যাতে চৰকাৰৰ এই সুবিধা লাভ কৰিব পাৰে, তালৈ লক্ষ্য ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে। আজিৰ সভাখনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, বিটিচিৰ কার্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী, পাৰিষদদ্বয় হেমন্ত কুমাৰ ৰাভা আৰু বিজিতগৌৰা নাৰ্জাৰী, বিজেপিৰ জিলা সভাপতি ভিক্টৰ কুমাৰ দাস, জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়াবৰ্গ আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আদি উপস্থিত থাকে।