তামুলপুৰত আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত জিলা দণ্ডাধীশৰ ঘোষণা

তামুলপুৰত আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত জিলা দণ্ডাধীশৰ ঘোষণা

 

তামুলপুৰ জিলাৰ ক্ষুদ্ৰ জাৰকোণা আৰু গুৰমৌ গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্রমণ হোৱাৰ পৰিপ্ৰেক্ষিতত গাহৰি নিধন কৰাৰ বাবে তামুলপুৰৰ মহকুমা পশুপালন
আৰু পশু চিকিৎসা বিষয়াই অনুমতি বিচাৰাৰ পাছত জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ নং ধাৰাৰ অধীনত বিশেষ আদেশ জাৰি কৰিছে। উল্লেখ্য যে ক্ষুদ্ৰ জাৰকোণাৰ বিষ্ণু বড়ো আৰু গুৰমৌৰ মৃদুল ডেকাৰ গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ কথা বিভাগে প্ৰকাশ কৰিছে। এই পৰিপ্ৰেক্ষিতত, উল্লেখ কৰা গাঁও দুখনৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ সকলো গাহৰি নিধন কৰিবলৈ জিলা দণ্ডাধীশে বিভাগক আদেশ দিছে। ইয়াৰ লগতে এই
তিনিটা ব্যৱস্থাৰ প্ৰতিও ৰাইজক সজাগ হ’বলৈ আহ্বান জনোৱা হৈছে―সংক্ৰমিত গাঁওসমূহৰ পৰা গাহৰি আৰু গাহৰিৰ উৎপাদিত সামগ্ৰীৰপৰিবহণ নিষিদ্ধ; ৰাজহুৱা ঠাইত তথা বজাৰত গাহৰিৰ মাংস বিক্ৰী নিষিদ্ধ; গাহৰিৰ মৃতদেহ খোলা ঠাই, ডাষ্টবিন, নদী বা পুখুৰী আদিত পেলোৱা নিষিদ্ধ। জিলা দণ্ডাধীশৰ এই আদেশ পৰৱৰ্তী নিৰ্দেশ অহালৈকে বলৱৎ থাকিব। আনহাতে অঞ্চলটোত যদি আফ্ৰিকান ছোৱাইন ফিভাৰৰ কোনো ঘটনা জনসাধাৰণৰ দৃষ্টিগোচৰ হয়, তেন্তে সংশ্লিষ্ট পশু চিকিৎসা বিষয়া অথবা জিলা প্ৰশাসনক অৱগত
কৰিবলৈ আহ্বান জনোৱা হৈছে। তদুপৰি, গাহৰি নিধন প্ৰক্ৰিয়াত জড়িত পশু চিকিৎসা বিভাগৰ বিষয়া-কর্মচাৰীসকলক সুৰক্ষা দিবলৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে। আনহাতে গাহৰিৰ গঁৰাল আদিৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে যথেষ্ট পৰিমাণে চূণ, ব্লিছিং পাউডাৰ আদিৰ যোগান ধৰিব বুলি জানিবলৈ দিছে।

You might also like
Leave A Reply

Your email address will not be published.