‘বন্দেমাতৰম্’ ৰাষ্ট্ৰীয় সংগীতৰ দলীয় নৃত্য প্ৰতিযোগিতাৰ সামৰণি
গুৱাহাটী, ১৮ আগষ্ট: অসমৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুস্থান ‘প্ৰজ্ঞা’ৰ উদ্যোগত যোৱা ১৪ আগষ্টৰ পৰা ১৮ আগষ্টলৈ অসমৰ মুঠ ২০ খন জিলাত এক অনবদ্য কাৰ্যসূচীৰে বন্দেমাতৰম্ ৰাষ্ট্ৰীয় গীতৰ দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত ২০ খন জিলাৰ মুঠ ৩৪৫ টা দলে অংশগ্ৰহণ কৰে।প্ৰতিখন জিলাৰে প্ৰতিযোগী দল সমূহৰ মাজত পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিওপ্ৰতিযোগী দল সমূহক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এই ৩৪৫ টা দলৰ মুঠ প্ৰতিযোগীৰ সংখ্যা আছিল ২৩০৯ গৰাকী। তিনিচুকীয়া, ডিব্ৰুগড়, লক্ষীমপুৰ,মাজুলী,গোলাঘাট,যোৰহাট, বিশ্বনাথ, শোণিতপুৰ, দৰং, হোজাই, উত্তৰ কামৰূপ, কামৰূপ (মেট্ৰো), দক্ষিণ কামৰূপ বাক্সা,নলবাৰী,বজালী, বৰপেটা,বঙাইগাঁও, চিৰাং, কোকৰাঝাৰকে আদি কৰি মুঠ ২০ খন জিলাত অনুস্থিত হোৱা এই প্ৰতিযোগিতাত দৰ্শক ৰূপে দহ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰিছিল।নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ উপৰিও উঠি অহা প্ৰজন্মক সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সঠিক ৰূপত মাৰ্গ-দৰ্শন কৰাৰ লক্ষ্য আগত ৰাখিয়েই এই প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। প্ৰতিখন জিলাতেই এই প্ৰতিযোগিতাৰ লগে লগে একোগৰাকী বক্তাই বন্দেমাতৰম্ গীতৰ তাৎপৰ্য সম্পৰ্কে বাখ্যা কৰিছিল। উল্লেখযোগ্য যে’প্ৰজ্ঞা’ৰ ফালৰ পৰা বিগত বছৰতো এনেদৰেই বন্দেমাতৰম গীতৰ দলীয় নৃত্যপ্ৰতিযোগিতা আয়োজন কৰি আমাৰ ৰাষ্ট্ৰীয় গীতৰ মহত্বৰ বাখ্যা আৰু প্ৰচাৰ কৰা হৈছিল। এই বছৰৰ এই প্ৰতিযোগিতাত ভাগ লোৱা সমূহ প্ৰতিযোগীৰ লগতে আয়োজনৰ ক্ষেত্ৰত তন, মন , ধনেৰে সহযোগ কৰা, শ্ৰমদান কৰা সমূহ কৰ্মকৰ্তাক ‘প্ৰজ্ঞা’ৰ ফালৰ পৰা কেন্দ্ৰীয় সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে ধন্যবাদ জ্ঞাপন কৰিছে।