মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বিশ্ব ভাতৃত্ব দিৱস উদযাপন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বিশ্ব ভাতৃত্ব দিৱস উদযাপন

গুৱাহাটী, ১১ ছেপ্তেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটস্থিত যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ উদ্যোগত আজি বিশ্ব ভাতৃত্ব দিৱস উদযাপন কৰা হয় । এই অনুষ্ঠানত বিভাগটোৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক বলিনাৰায়ণ ফুকন, সহকাৰী পঞ্জীয়ক মৃণাল কুমাৰ গগৈ, বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী ড° উজ্জ্বল অৰুণ মাস্কেৰ লগতে অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে ।

বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে নাজিয়া আখতাৰে ৷ ইয়াৰ পিছত শিক্ষাৰ্থীসকলে এক সমবেত সংগীত আৰু ভাতৃত্ববোধৰ ওপৰত আধাৰিত এখন নাটক প্ৰদৰ্শন কৰে ।

অধ্যাপক বালিনাৰায়ণ ফুকনে স্বামী বিবেকানন্দৰ জীৱন আৰু শিক্ষাৰ লক্ষ্যৰ ওপৰত এক চিন্তা উদ্দীপক বক্তৃতা প্ৰদান কৰে । তেওঁ ভ্ৰাতৃত্ববোধৰ বিকাশৰ বাবে আধ্যাত্মিকতাৰ অনুশীলন কৰিবলৈ শিক্ষাৰ্থীসকলক উৎসাহিত কৰে । ইয়াৰ পিছত সহকাৰী পঞ্জীয়ক মৃণাল কুমাৰ গগৈয়ে বৰ্তমান সমাজত ভাতৃত্ববোধৰ মূল্যৰ ওপৰত আলোচনা কৰি শিক্ষাৰ্থীসকলক উৎসাহিত কৰি দৈনন্দিন জীৱনত নৈতিক মূল্যবোধৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই ঋতুৰাজ বৰুৱাই ৷

You might also like
Leave A Reply

Your email address will not be published.