নাৰেংগীত থিয়েটাৰ সূৰ্য্যৰ প্ৰৱেশ-পত্ৰ মুকলি
বৃহত্তৰ নাৰেংগী উন্নয়ন সমিতিৰ খেলপথাৰৰ সাহায্যাৰ্থে নিমন্ত্ৰণ কৰা থিয়েটাৰ সূৰ্য্যই অহা ২৮, ২৯ আৰু ৩০ নবেম্বৰ,২০২৫ত নাৰেংগী উন্নয়ন সমিতিৰ খেলপথাৰত নাট্যাভিনয় প্ৰদৰ্শন কৰিব। সমিতিৰ সভাপতি ৰবীন্দ্ৰনাথ বৰুৱা আৰু সাধাৰণ সম্পাদক কমল বৰাই জানিবলৈ দিয়া মতে আজি নাৰেংগী শ্ৰীশ্ৰী গণেশ মন্দিৰত থিয়েটাৰ পৰিচালনা সমিতিয়ে প্ৰবেশ-পত্ৰসমূহ পূজা-অৰ্চনা কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে ৷
মুকলি কৰি দিয়াৰ লগে লগে প্ৰায় এক লাখ দুই হাজাৰ টকাৰ প্ৰবেশ-পত্ৰ বিক্ৰীও হয় ৷ তিনিদিনীয়া কাৰ্যসূচীৰে আমন্ত্ৰণ জনোৱা থিয়েটাৰ সূৰ্য্যৰ অগ্ৰিম টিকটৰ বাবে দিনৰ ভাগত নাৰেংগী প্ৰাথমিক বিদ্যালয়ত পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ আৰু সন্ধিয়া ৫ বজাৰ পৰা বৃহত্তৰ নাৰেংগী উন্নয়ন সমিতিৰ কাৰ্যালয়ত দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি ফনীধৰ দাস আৰু সাধাৰণ সম্পাদক প্ৰদীপ কলিতাই প্ৰকাশ কৰিছে ৷