Assam | 25 cr fish seeding : মাজুলীৰ পৰা আহিছে ভাল খবৰ! ২৫ কোটি মাছৰ পোনা বহিঃজিলালৈ

মাজুলীৰ পৰা আহিছে ভাল খবৰ! ২৫ কোটি মাছৰ পোনা বহিঃজিলালৈ

মাজুলী: যি সময়ত বাহিৰ পৰা মাজুলীলৈ অনুন্নত মাছৰ পোনা আমদানি হৈছিল, তেনে সময়ত মাজুলীৰ মাছৰ পোনাই বাহিৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। যি সময়ত চৰকাৰী চাকৰি লাভ নকৰি বহু নিৱনুৱা শিক্ষিত যুৱক যুৱতী কৰ্ম সংস্থাপন বিচাৰি বহিঃ ৰাজ্যলৈ ঢপলিয়াই গৈ বিভিন্ন চিকিউৰিটি গাৰ্ডৰ কাম কৰিছে লগতে বহু যুৱক যুৱতী মৃত্যু মুখত পৰিছে, তেনে সময়ত কিন্তু মাজুলী জুগুনিধাৰী গাঁৱৰ শিক্ষিত যুৱক প্ৰাঞ্জল প্ৰতীম বৰাই নিজ ঘৰতে মাছৰ পোনা উৎপাদন কেন্দ্ৰ নিৰ্মাণ কৰি মাছৰ পোনা ব্যৱসায় আৰম্ভ কৰিছে।

ADVERTISEMENT

লগতে ২০ নিজা বিঘা মাটিত পুখুৰী খান্দি ম‍াছৰ ব্যৱসায় আৰম্ভ কৰিছে। এই কামৰ জৰিয়তে প্ৰাঞ্জল প্ৰতীম বৰাই সংস্থাপন দিছে ২৫ জন নিৱনুৱা যুৱকক। যাৰ বাবে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে। নিজৰ লগতে আনক সংস্থাপন দি প্ৰাঞ্জল প্ৰতীম বৰাই দেখুৱাই দিছে আদৰ্শ। মাজুলীৰ কেইবা স্থানটো মাছৰ পোনা কেন্দ্ৰ স্থাপন কৰা প্ৰাঞ্জল প্ৰতীম বৰাএতিয়া বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে।

 

You might also like
Leave A Reply

Your email address will not be published.