নিউজ ডেস্ক: হাস্পতালৰ দায়িত্বই হৈছে চিকিৎসা প্ৰদান। চিকিৎসা লাভৰ বাবে ঢাপলি মেলি যোৱা কোনো ৰোগীক হাস্পতালে চিকিৎসা প্ৰদানৰ পৰা বিৰত ৰাখিব নোৱাৰে।কিন্তু স্বাস্থ্য সেৱাক সেৱাৰূপে নাৰাখি ব্যৱসায়ৰ ৰূপ দিয়া একাংশ হাস্পতালে তেনে কাণ্ডই সংঘটিত কৰি আহিছে। জীৱন মৃত্যুৰ সৈতে যুঁজ দি থকা এগৰাকী মহিলা অধিবক্তাক এখন, দুখন নহয় তিনিখন হাস্পতালে চিকিৎসা প্ৰদানত অনিচ্ছা প্ৰকাশ কৰাৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।

এই বিষয়টো সন্দৰ্বত সোমবাৰে উচ্চতম ন্যায়ালয়ে নিজাববীয়া গোচৰ ৰুজু কৰে। ঘটনাৰ বিৱৰণী মতে মহিলা অধিবক্তা এগৰাকীক স্বামীয়ে চুৰিকাঘাট কৰে আৰু এই ঘটনাত অধিবক্তা গৰাকী গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়। তিনি কন্যা সন্তানৰ মাতৃ অধিবক্তাগৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ পিছতেই সংকটজনক অৱস্থাত তেওঁক দিল্লীৰ কৈলাস হাস্পতাল, গুৰু টেগ বাহাদুৰ হাস্পতাল আৰু আৰ কে হাস্পতাললৈ লৈ যোৱা হয়।
কিন্তু তিনিওখন হাস্পতালে মহিলা অধিবক্তাগৰাকীক চিকিৎসা প্ৰদানৰ বাবে অমান্তি হয় আৰু অৱশেষত তেওঁক দিল্লী AIIMSত ভৰ্তি কৰোৱা হয়। এই ঘটনা সন্দৰ্ভত ভুক্তভুগী অধিবক্তাৰ বান্ধবী অধিবক্তা স্নেহা কলিতাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈএক পত্ৰ প্ৰেৰণ কৰে আৰু উচ্চতম ন্যায়ালয়ে এই পত্ৰৰ আধাৰতেই সোমবাৰে নিজাববীয়া গোচৰ ৰুজু কৰি তিনিওখন হাস্পতালৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰ আদালতে বিষয়টোৰ ওপৰত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।