Assam | ASSAM HIGHER SECONDARY TEACHERS’ & EMPLOYEES’ ASSOCIATION:অসম জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় শিক্ষক-কৰ্মচাৰী সন্থাৰ চৰকাৰৰ ওচৰত একাধিক দাবী

There are several demands of the

Assam | ASSAM HIGHER SECONDARY TEACHERS' & EMPLOYEES' ASSOCIATION:অসম জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় শিক্ষক-কৰ্মচাৰী সন্থাৰ চৰকাৰৰ ওচৰত একাধিক দাবী

গুৱাহাটী: চিৰাং জিলাৰ ইউ এন ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত অসম জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় শিক্ষক-কৰ্মচাৰী সন্থাৰ এখন বিশেষ সাধাৰণ সভা সন্থাৰ সভাপতি ড০ বিদুৰ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয়।

সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় (পূৰ্বৰ জুনিয়ৰ কলেজ)ৰ অধ্যক্ষ, শিক্ষক, কৰ্মচাৰী আৰু কাৰ্যনিৰ্বাহক বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

সভাত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন চূড়ান্ত কৰাৰ সময়ত পিজিটি (PGT) শিক্ষকসকলৰ দৰমহাৰ গাঁথনিত থকা বৈষম্য দূৰ কৰি পে বেণ্ড-৩ৰ পৰা পে বেণ্ড-৪লৈ উন্নীতকৰণ কৰাৰ দাবী উত্থাপন কৰা হয়। লগতে মৰগীয়া বানচ (Dearness Allowance) জানুৱাৰীৰ পৰিবৰ্তে জুন মাহৰ পৰা কাৰ্যকৰী কৰাৰ চৰকাৰী সিদ্ধান্তক সন্থাই গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰে।

সভাত ভাৰপ্ৰাপ্ত অধ্যক্ষসকলক পূৰ্ণাংগ স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ, নৱম-দশম শ্ৰেণী অন্তৰ্ভুক্তিকৰণ সন্দৰ্ভত চৰকাৰৰ স্পষ্ট নীতি ঘোষণা, আৰু খালী শিক্ষক-কৰ্মচাৰীৰ পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ দাবীও উত্থাপন কৰা হয়।

ইয়াৰ উপৰিও ২০২১ চনত প্ৰাদেশিকীকৰণ হোৱা ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়সমূহৰ অধ্যক্ষসকলক ডি ডি অ’ হিচাপে ঘোষণা কৰা, বিদ্যালয়সমূহক চৰকাৰী অনুদান, পাঠ্যপুথি আৰু অন্যান্য সুবিধা প্ৰদান, বঞ্চিত শিক্ষক-কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ, কৰ্মচাৰীসকলক পূৰ্ণাংগ কৰ্মচাৰী মৰ্যাদা প্ৰদান, লিড কলেজৰ পৰিবৰ্তে লিড বিদ্যালয় ব্যৱস্থা প্ৰৱৰ্তন, আন্তঃগাঁথনি উন্নয়ন, শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি পাঠ্যপুথি যোগান ধৰা, ২০২১ চনত প্ৰাদেশিকীকৰণ হোৱা টিউটৰসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু সকলো যোগ্য শিক্ষক-কৰ্মচাৰীকে পুৰণি পেঞ্চন আঁচনিৰ আওতালৈ অনাৰ দাবী জনোৱা হয়।

সভাত ৰাজ্যৰ বানবিধ্বস্ত অঞ্চলসমূহৰ বানপীড়িত লোকসকলৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়াবলৈ সদস্যসকলক আহ্বান জনোৱাৰ লগতে চৰকাৰকো প্ৰয়োজনীয় সাহায্য প্ৰদানৰ বাবে অনুৰোধ জনায়।

সভাৰ আৰম্ভণিতে ইউ এন ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ ব্ৰহ্মই আদৰণি ভাষণ আগবঢ়ায়। বিভিন্ন বিষয়ত বিস্তৃত আলোচনা কৰাৰ অন্তত সন্থাই একাধিক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰে।

You might also like
Leave A Reply

Your email address will not be published.