Assam | The Supreme Court Cancels the bail of Sonam Raghuvanshi: সোনম ৰঘুবংশীৰ জামিন বাতিল উচ্চতম ন্যায়ালয়ৰক

The Supreme Court Cancels the bail of Sonam Raghuvanshi সোনম ৰঘুবংশীৰ জামিন বাতিল উচ্চতম ন্যায়ালয়ৰক

গুৱাহাটী: মেঘালয়ত হনিমুনলৈ গৈ স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ অভিযোগত অভিযুক্ত সোনম ৰঘুবংশীৰ বাবে এক ডাঙৰ আইনী আঘাত। উচ্চতম ন্যায়ালয়ে সোনমৰ জামিন বাতিল কৰি তিনি সপ্তাহৰ ভিতৰত সংশ্লিষ্ট বিচাৰ আদালতৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে।

বিচাৰপতি এম এম সুন্দৰেশ আৰু পি বি বাৰালেৰ খণ্ডপীঠে মেঘালয় চৰকাৰে দাখিল কৰা আপীল গ্ৰহণ কৰি কয় যে বিচাৰৰ এই পৰ্যায়ত সোনম ৰঘুবংশী মুক্ত হৈ থকাটো ন্যায়িক প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে আদালতে স্পষ্ট কৰে যে যদি অহা ছয় মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সন্তোষজনকভাৱে আগবাঢ়ি নাযায়, তেন্তে তেওঁ পুনৰ জামিনৰ বাবে আবেদন কৰিব পাৰিব।

ইন্দোৰৰ ২৫ বছৰীয়া সোনম ৰঘুবংশীয়ে ২০২৫ চনৰ মে’ মাহত স্বামী ৰাজা ৰঘুবংশীৰ সৈতে হনিমুন উপলক্ষে মেঘালয়লৈ গৈছিল। ভ্ৰমণৰ সময়তে দুয়ো নিখোজ হয় আৰু প্ৰায় এসপ্তাহ পিছত গভীৰ খাৱৈৰ পৰা ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

তদন্তত পোহৰলৈ আহে যে সোনমে তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে মিলি ভাড়াতীয়া হত্যাকাৰীক ব্যৱহাৰ কৰি ধন লাভৰ উদ্দেশ্যে স্বামীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। এই ঘটনাৰ পিছত ২০২৫ চনৰ জুন মাহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সোনমক।

পিছে চলিত বৰ্ষৰ এপ্ৰিল মাহত শ্বিলঙৰ এখন বিচাৰ আদালতে সোনমক জামিন প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত মেঘালয় উচ্চ ন্যায়ালয়েও সেই সিদ্ধান্ত বাহাল ৰাখিছিল। কিন্তু বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে সেই ৰায় বাতিল কৰি মন্তব্য কৰে যে বৰ্তমান পৰিস্থিতিত অভিযুক্তগৰাকী জামিন লাভৰ যোগ্য নহয়। সেয়ে এতিয়া সোনম ৰঘুবংশীয়ে মেঘালয়ত গোচৰ চলি থকা আদালতত আত্মসমৰ্পন কৰিব লাগিব।

You might also like
Leave A Reply

Your email address will not be published.