গুৱাহাটী, ২৮ আগষ্ট: অসমৰ সাংস্কৃতিক জগতৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃ/ত্যুৰ সৈতে জড়িত গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত শুকুৰবাৰে গুৱাহাটীৰ ফাষ্ট ট্ৰেক আদালতত নতুন সাক্ষ্য গ্ৰহণ কৰা হয়। গোচৰটোৰ সাক্ষী হিচাপে চিকিৎসক ডাঃ হিতেশ বৰুৱা আৰু জুবিন গাৰ্গৰ সহযোগী হৰেশ্বৰ মহন্ত আদালতত উপস্থিত হৈ নিজৰ বক্তব্য আগবঢ়ায়।
আদালতৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত হৰেশ্বৰ মহন্তই কয় যে তেওঁ আদালতত দিয়া সাক্ষ্যই গোচৰটোৰ ন্যায় বিচাৰত সহায় কৰিব বুলি তেওঁ আশা কৰে। তেওঁৰ বক্তব্য অনুসৰি, অমৃতপ্ৰভাৰ পক্ষৰ অধিবক্তাই জুবিন গাৰ্গক মদ্যপায়ী হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে তেওঁ নিজৰ সকলো সিদ্ধান্ত নিজেই গ্ৰহণ কৰিছিল বুলি ক’বলৈ চেষ্টা কৰিছিল।
অৱশ্যে হৰেশ্বৰ মহন্তই আদালতত স্পষ্ট কৰি দিয়ে যে জুবিনে মাজে-সময়ে সুৰাপান কৰিলেও তেওঁক মদ্যপায়ী বুলি ক’ব নোৱাৰি। মহন্তৰ ভাষ্য অনুসৰি, জুবিনে সাধাৰণতে এক বা দুই পেগ সুৰা গ্ৰহণ কৰিছিল। কিন্তু ২০২০ চনত হোৱা আক্ৰমণৰ পিছত তেওঁ জুবিনৰ সৈতে থকা বা সাক্ষাৎ কৰা সময়ত তেওঁক সুৰাপান কৰা দেখা নাছিল বুলি আদালতক জনায়।
গোচৰটোৰ আন এক গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভতো হৰেশ্বৰ মহন্তই আদালতত বক্তব্য আগবঢ়ায়। তেওঁৰ মতে, জুবিন গাৰ্গে সামাজিক কাম-কাজ আৰু মানুহক সহায় কৰাৰ ক্ষেত্ৰত নিজে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও তেওঁৰ পেছাগত কাম-কাজৰ সিদ্ধান্তসমূহ মূলতঃ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই গ্ৰহণ কৰিছিল।
মহন্তই দাবী কৰে যে জুবিনে কেতিয়াবা নিজেই কোন ঠাইলৈ যাব লাগিব বা কোন অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব সেই বিষয়েও সম্পূৰ্ণৰূপে অৱগত নাছিল। পেছাগত অনুষ্ঠান আৰু কাম-কাজৰ সৈতে জড়িত সিদ্ধান্তসমূহ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই গ্ৰহণ কৰিছিল বুলি তেওঁ আদালতত উল্লেখ কৰে। আনহাতে, সামাজিক কাম, আৰ্তজনক সহায় কৰা আদি বিষয়ত জুবিনে নিজেই সিদ্ধান্ত লোৱা বুলি মহন্তই জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃ/ত্যুৰ সৈতে জড়িত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান গুৱাহাটীৰ ফাষ্ট ট্ৰেক আদালতত চলি আছে। আদালতে ক্ৰমান্বয়ে গোচৰটোৰ বিভিন্ন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি আছে। নতুন সাক্ষ্যগ্ৰহণৰ জৰিয়তে গোচৰটোৰ বিভিন্ন দিশ আদালতৰ সন্মুখলৈ আহিছে।
ইফালে, গোচৰটোৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে যোৱা ১৭ আগষ্টত শুনানি পিছুৱাইছিল। পৰৱৰ্তী শুনানিৰ বাবে ৫ অক্টোবৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।
জুবিন গাৰ্গৰ মৃ/ত্যুৰ ঘটনাক কেন্দ্ৰ কৰি চলি থকা এই গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিশে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।
