Assam| Gauhati High Court : বাংলাদেশলৈ পঠিওৱা মহিলাৰ স্বামীক ২ লাখ টকা ক্ষতিপূৰণ

Gauhati High Court

নিউজ ডেক্সঃবিদেশী ন্যায়াধিকৰণে বিদেশী নাগৰিক হিচাপে ঘোষণা কৰাৰ পিছত বাংলাদেশলৈ পঠিওৱা বাংলাভাষী মুছলমান মহিলা মুমতাজ বেগমৰ স্বামীক ২ লাখ টকা অন্তৱৰ্তীকালীন ক্ষতিপূৰণ দিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে মুমতাজ বেগমৰ স্বামী তথা নগাঁও জিলাৰ জুৰিয়াৰ বাসিন্দা মুজাম্মেল হকে দাখিল কৰা হেবিয়াছ কৰ্পাছ আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে।

উল্লেখ্য, ৩০ মে’ত বিদেশী ন্যায়াধিকৰণে মুমতাজ বেগমক বিদেশী নাগৰিক হিচাপে ঘোষণা কৰাৰ পিছত তেওঁক আটক কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৪ জুনত সীমান্ত সুৰক্ষা বাহিনীৰ হাতত গতাই দি শ্ৰীভূমি জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে বাংলাদেশলৈ পঠিওৱা হয়।

মহিলাগৰাকীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ পূৰ্বে তেওঁৰ স্বামী বা কোনো প্ৰাপ্তবয়স্ক পৰিয়ালৰ সদস্যক অৱগত নকৰাৰ বিষয়টো আদালতে গুৰুত্বসহকাৰে লয়। ইয়াৰ পৰিপ্ৰেক্ষিততে অন্তৱৰ্তীকালীন সকাহ হিচাপে ২ লাখ টকা ক্ষতিপূৰণ দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়া হয়।

আদালতে ৬০ দিনৰ ভিতৰত ক্ষতিপূৰণৰ ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। লগতে অধিক ক্ষতিপূৰণ বা অন্যান্য সকাহৰ বাবে দেৱানী আদালতৰ কাষ চাপিব পাৰিব বুলিও স্পষ্ট কৰে।

You might also like
Leave A Reply

Your email address will not be published.