গুৱাহাটী, ৯ ছেপ্টেম্বৰ: শ্যাম ষ্টীল ইন্ডাষ্ট্রিজ লিমিটেডৰ ৱাটাৰপ্রুফিং ছল্যুচনছ আৰু কন্ট্রাকচন কেমিকেলছৰ ব্ৰেণ্ড ষ্টার্ডফ্লেক্সে আজি আনুষ্ঠানিকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত প্ৰৱেশ কৰাৰ বিষয়ে ঘোষণা কৰে। এই ক্ষেত্ৰত অসমক অঞ্চলটোৰ অন্যতম গুৰুত্বপূর্ণ বজাৰ হিচাপে গণ্য কৰা বুলিও প্রতিষ্ঠানটোৱে প্ৰকাশ কৰিছে। ৱাটাৰপ্রুফিং আৰু কন্ট্রাকচন কেমিকেলছৰ পশ্চিমবংগৰ অগ্ৰণী কোম্পানীটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ বাসগৃহ আৰু বিত্তিংসমূহৰ পানী সৰকা ৰোধ আৰু নিৰ্মাণৰ আৱশ্যকতাসমূহ পূৰণ কৰিব পৰাকৈ বিস্তৃত প’র্টফলিঅ’ৰে সৈতে অঞ্চলটোত ষ্টার্ডফ্লে’ৰ প্ৰৱেশ ঘটোৱা বুলিও জনাইছে।
বিভিন্ন ধৰণৰ নিৰ্মাণৰ প্ৰয়োজন পুৰণ কৰিব পৰাকৈ নির্মিত এক পর্টফলিঅ’ ষ্টার্ডফ্লেক্সে পানী সৰকা আৰু সেমেকা হোৱা, অতিপাত গৰমে সৃষ্টি কৰা সমস্যাসমূহ, দেৱালত ফাট মেলা আৰু লগতে নির্মাণেৰে জড়িত অন্যান্য গুৰুতৰ সমস্যাসমূহ সমাধান কৰিব পাৰে। ব্রেগুটোৱে ডীলাৰ, ঠিকাদাৰ, ব্যৱহাৰকাৰী, বিল্ডাৰ আৰু নির্মাণেৰে জড়িত পেছাদাৰসকলৰ জৰিয়তে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য গুৰুত্বপূর্ণ বজাৰসমূহত ইয়াৰ বিতৰণৰ নেটৱৰ্ক শক্তিশালী কৰিব ধৰিছে।
ষ্টার্ডফ্লেক্সে কেৱল সামগ্রী যোগান ধৰাই নহয়, লগতে আৱশ্যকতাসমূহ উপলব্ধি কৰা আৰু উপযুক্ত সামগ্ৰীবিধ বাছি লোৱাৰ ক্ষেত্ৰত নিৰ্মাণৰ থলীতে কাৰিকৰী সাহায্যও আগবঢ়ায়। ব্রেন্ডটোৱে লগতে সঠিকভাৱে ব্যৱহাৰ কৰা, যথাযথ পানী সৰকা প্ৰতিৰোধ আৰু উন্নত মানৰ নিৰ্মাণত সহায়ক হোৱাকৈ ৰাজমিস্ত্রীসকলক শিক্ষিত কৰি তোলাৰ ব্যৱস্থাও গ্ৰহণ কৰিছে।
এই সন্দর্ভত মত প্রকাশ কৰি শ্যাম স্টীল ইন্ড্রাষ্ট্রিজ লিমিটেডৰ সঞ্চালক মিঃ গোবিন্দ বেৰীৱালে কয় যে- “যোৱা ৭০ বছৰ ধৰি শ্যাম ষ্টীলে সমগ্ৰ ভাৰতৰ বাসগৃহ, উল্লেখনীয় প্রকল্প আৰু প্রখ্যাত নির্মাণসমূহৰ প্ৰতি বৰঙণি যোগাই মানসম্পন্ন তীখা আৰু টি এম টি ৰিবাৰ উৎপাদনেৰে জড়িত হৈ আহিছে। ষ্টার্ডেফ্র’ ৱাটাৰপ্রুফিং ছল্যুচনছ আৰু কন্ট্রাকচন কেমিকেলছৰ বিশেষ ক্ষেত্ৰখনত নিৰ্মাণৰ পৰিৱেশতন্ত্ৰৰে সৈতে প্রতিষ্ঠানটোৰ সহযোগিতাক অধিক আগুৱাই নিব বুলিও তেওঁ আশা প্রকাশ কৰে। মুঠতে তেওঁলোকৰ মূল উদ্দেশ্য হৈছে সামগ্ৰীৰ শক্তিশালী প’র্টফলিঅ’, কাৰিকৰী পাৰদৰ্শিতা আৰু নিৰ্মাণৰ উদ্যোগৰ আৱশ্যকতাসমূহক সঠিকভাৱে উপলব্ধি কৰি ষ্টাৰ্ডফ্লে’ক এক বিশ্বস্ত ব্রেগুলৈ পৰিণত কৰা।” এইক্ষেত্ৰত তেওঁলোকৰ বাবে উত্তৰ-পূর্বাঞ্চল এক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বজাৰ বুলিও তেওঁ জনায় ।
শ্যাম ষ্টীল ইন্ডাষ্ট্রিজ লিমিটেডৰ আন এগৰাকী সঞ্চালক মিঃ গৌৰৱ বেৰীৱালে এই সন্দর্ভত কয় যে- “পানী সৰকাৰ প্ৰত্যেকটো প্রত্যাহ্বানেই পৃথক পৃথক হয়। সেয়েহে এই ক্ষেত্ৰত একেবাৰে সঠিক সামগ্ৰীবিধ ব্যৱহাৰ কৰিবলগীয়া হয়।” এই ক্ষেত্ৰত ষ্টার্ডফ্লেক্সে পানী সৰকা আৰু সেমেকাৰ পৰা তাপে সৃষ্টি কৰা সমস্যা আৰু দেৱাল ফটাকে ধৰি উদ্বেগসমূহ সমাধান কৰিব পৰাকৈ ষ্টাৰ্ডফ্রে’ আটাইতকৈ উপযুক্ত সামগ্রী বুলিও তেওঁ জনায়। তেনেদৰেই কাৰিকৰী সাহায্য আৰু ৰাজমিস্ত্রীক শিক্ষিত কৰি তোলাৰ জৰিয়তে তেওঁৰ প্রতিষ্ঠানে মানসম্পন্ন পানী সৰকা প্ৰতিৰোধ আৰু নির্মাণত উদগনি যোগাবলৈ বিচাৰিছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এইবিধ একেবাৰে সঠিক সামগ্রী বুলিও তেওঁ জনায়।
উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ মাত্ৰাৰ আৰ্তা আৰু বাৰিষাৰ কঠিন পৰিবেশত বাসগৃহ আৰু বিল্ডিংসমূহৰ বাবে জলীয় বাষ্প ৰোধ কৰাটো জৰুৰী হৈ পৰে৷ ষ্টাৰ্ডফ্লেক্সে সামগ্ৰীৰ বিশেষীকৃত প’র্টফলিঅ’, কাৰিকৰী সমৰ্থন আৰু উন্নত নির্মাণশৈলীত উদগনি প্রদানেৰে এনেবোৰ প্রয়োজনকে পূৰণ কৰিবলৈ বিচৰা বুলিও তেওঁ জনায়।
