গুৱাহাটী, ২৪ অক্টোবৰঃ অসমৰ স্বাস্থ্যখণ্ডত এক ঐতিহাসিক সাফল্য। চৰকাৰীখণ্ডত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম যকৃত সংৰোপণ অস্ত্ৰোপচাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ চৰকাৰী চিকিৎসালয়ৰ ভিতৰত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন কৰা হ’ল যকৃত সংৰোপণ। বৰ্তমান দাতা আৰু গ্ৰহণকাৰী দুয়োগৰাকী ICUত চিকিৎসাধীন হৈ আছে।
শনিবাৰে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে এই কথা সদৰী কৰি কয় যে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই অস্ত্ৰোপচাৰ সফল হোৱাৰ কথা তেওঁক অৱগত কৰিছে। অৱশ্যে, এই প্ৰক্ৰিয়া এতিয়াই নিয়মীয়াকৈ আৰম্ভ নহয় বুলি উল্লেখ কৰি পৰ্যায়ক্ৰমে আগবাঢ়িব লাগিব বুলি তেওঁ কয়।
মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে যোৱা এবছৰত অসমত প্ৰায় ৩৩ৰ পৰা ৩৬টা বৃক্ক সংৰোপণ কৰা হৈছে, যাৰ প্ৰতিটোৰ ব্যয় প্ৰায় ২.৫ লাখৰ পৰা ৩ লাখ টকা।
ইফালে, বিশ্বনাথ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন ২০২৭ চনৰ এপ্ৰিল মাহত ৰাইজৰ বাবে মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰি সিংহলে আশা প্ৰকাশ কৰে যে প্ৰতিষ্ঠানখনে বিশ্বনাথ আৰু কাষৰীয়া অঞ্চলৰ ৰাইজক উন্নত চিকিৎসা সেৱা প্ৰদান কৰিব।