শৰাইঘাট কাণ্ডৰ ৰহস্য ফাদিল

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

সান্ধ্য আইনৰ মাজতেই বুধবাৰে নিশা মহানগৰীৰ শৰাইঘাট দলঙত সংঘটিত শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল। পত্নীৰ তত্বাৱধানতে খুলশালীসহ ৪ পাষণ্ডই বঠি, দা,ডেগাৰেৰে হানি খুচি হত্যা কৰিছিল মালিগাৱঁৰ ৰে’লৱে কলনীৰ সন্তোষ প্ৰসাদ নামৰ লোকজনক।তাৰ পাছতেই হত্যাকাণ্ড গাপ দিবলৈ সান্ধ্য আইনৰ মাজতে শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত পেলাবলৈ ট্ৰাংকত ভৰাই এখন স্কুটিৰে ৪ দুৰ্বৃত্তই সন্তোষৰ মৃতদেহ লৈ অনাৰ পৰত তহলদাৰী আৰক্ষীৰ হাতত ধৰা পৰে মোহন গিৰি নামৰ এটা দুৰ্বৃত্ত। আটকাধীন মোহনক লৈ চলোৱা আমিনগাঁও আৰক্ষীৰ অভিযানত পানবজাৰৰ পৰা আটক কৰা হয় মৃত সন্তোষৰ খুলশালীয়েক সুৰজ গিৰিক। আৰক্ষীৰ জেৰাত সুৰজে দিয়ে চাঞ্চল্যকৰ ঘটনাৰ স্বীকাৰোক্তি।
মৃত ৰে’ল কৰ্মচাৰী সন্তোষ প্ৰসাদৰ পত্নী গীতা প্ৰসাদৰ তত্বাৱধানতে খুলশালীয়েক সুৰজ গিৰি,মোহন গিৰি,সাগৰ বাছফৰ আৰু আন এটা দুৰ্বৃত্তই হানি খুচি হত্যা কৰিছিল সন্তোষক।এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.