মহানগৰীত হানি-খুঁচি যুৱকক হত্যা

মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! ভঙাগড়ৰ নেমকেয়াৰ হাস্পতালৰ সমীপত হানি-খুঁচি হত্যা বিশাল ৰয় নামৰ এজন যুৱকক। পৰিয়ালৰ লোকৰ অভিযোগ মতে ধনৰ বাবে বন্ধু ছাইদুলে হত্যা কৰে বিশালক।বুধবাৰে নিশা ভঙাগড়ৰ ফুটপাথত ৰক্তাক্ত অবস্থাত উদ্ধাৰ হৈছিল এটি এবছৰীয়া সন্তানৰ পিতৃ বিশালৰ মৃতদেহ। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ছাইদুল নামৰ বিশালৰ বন্ধুজনৰ লগতে আন এজন যুৱকক আটক কৰিছে।এজন প্ৰতিভাৱান ক্ৰিকেটাৰ ৰূপেও পৰিচিত বিশালৰ হত্যা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।।

You might also like
Leave A Reply

Your email address will not be published.