ভয়ংকৰ বিস্ফোৰণত আহত CRPFৰ ৬ জোৱান

আজি পুৱা ৬.৩০ বজাত ৰায়পুৰ ৰে’ল ষ্টেচনত সংঘটিত বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ ছয় জন জোৱান। চি আৰ পি এফৰ ২১১ বেটেলিয়নৰ জোৱানসকলে এখন বিশেষ ৰে’ল যোগে জম্মুলৈ গৈ থকা অৱস্থাত ডামি কাৰ্ট্ৰিজ বাকচত ৰখা গ্ৰেনেডৰ পৰা সংঘটিত হয় বিস্ফোৰণ । জানিব পৰা মতে, জোৱানসকলে ৰায়পুৰ ৰে’ল ষ্টেচনত এখন ৰে’লত কন্টেইনাৰটো স্থানান্তৰ কৰি থকা অৱস্থাত সংঘটিত হয় এই বিষ্ফোৰণ। মুঠ ২৯ টা ডিটোনেটৰ বিস্ফোৰণ হোৱা বুলি জানিবলৈ দিয়ে ৰায়পুৰৰ আৰক্ষী অধীক্ষক প্ৰশান্ত আগৰৱালাই ।

উল্লেখ যোগ্য যে ৰে’লখন ঝাৰচুগুড়া (উৰিষ্যা)ৰ পৰা জম্মু অভিমুখে গৈ আছিল।।

You might also like
Leave A Reply

Your email address will not be published.