টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ গুৰুদায়িত্বত ‘দ্য ৱাল’!

ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হ’ব ‘দ্য ৱাল’।BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহৰ সৈতে শুকুৰবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ আলোচনাকালত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণত সন্মতি প্ৰকাশ কৰিছে ৰাহুল দ্ৰাবিড়ে। বৰ্তমানে নেচনেল ক্ৰিকেট একাডেমীৰ মুৰব্বী পদত থকা দ্ৰাবিড়ে অচিৰেই এৰিব এই পদবী।ইফালে টীম ইণ্ডিয়াৰ বেটিং প্ৰশিক্ষক ৰূপে বিক্ৰম ৰাথোড়েই দায়িত্বত বাহাল থাকিব যদিও বলিং প্ৰশিক্ষক ৰূপে নতুনকৈ নিযুক্ত হ’ব ভাবি মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বিশ্বস্ত পৰশ মাম্ব্ৰে। অৱশ্যে ফিল্ডিং প্ৰশিক্ষকৰ ক্ষেত্ৰত বৰ্তমানৰ আৰ শ্ৰীধৰৰ উত্তৰসূৰী সন্দৰ্ভত এই পৰ্যন্ত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।।

You might also like
Leave A Reply

Your email address will not be published.