ৰাইজৰ আদালতত ফিল’বাৰী কাণ্ড

ফিলবাৰী কাণ্ডক লৈ অনুষ্ঠিত ৰাজহুৱা সভাত উত্তপ্ত পৰিস্থিতি। ফিলবাৰী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত অনুষ্ঠিত হয় ৰাজহুৱা সভা। এই সভাতে পুনৰ শিক্ষকক ওভতি ধৰে বিভিন্ন দল সংগঠন শিক্ষাৰ্থীয়ে। ১১ অক্টোবৰত ফিলবাৰীত এগৰাকী শিক্ষয়ত্ৰীক অপমান কৰাৰ ঘটনাক ধিক্কাৰ দিছিল ৰাজ্যবাসীয়ে। তাৰ পিছতে অনুষ্ঠিত এই ৰাজহুৱা সভা। সভাত ইজনে-সিজনক প্ৰশ্ন কৰি উত্তাল কৰে পৰিৱেশ। পৰিচালনা সমিতিক তীব্ৰ প্ৰশ্ন বানেৰে থকা সৰকা কৰে দল সংগঠনে। আনহাতে ধিক্কাৰ- নিন্দাতো অনুতপ্ত নহল ফিলবাৰী আছু। উদণ্ড নেতাক বহিস্কাৰৰ প্ৰতিবাদত সমূহীয়াকৈ আছু ত্যাগ কৰে ফিলবাৰীৰ একাংশ ছাত্ৰ সন্থাৰ সদস্যই।

You might also like
Leave A Reply

Your email address will not be published.