‘দাদা চাহেব ফাল্কে বঁটা’ৰে সন্মানিত হ’ল ৰজনীকান্ত

ভাৰতীয় চলচ্চিত্ৰ জগতৰ জীৱন্ত কিংবদন্তি তথা দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তক ‘দাদা চাহেব ফাল্কে বঁটা’ প্ৰদান।আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত এই সন্মান প্ৰদান কৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে। ইফালে এই অনুষ্ঠানতে কংগনা ৰানাৱটক শ্ৰেষ্ঠ অভিনেত্ৰীৰ লগতে মনোজ বাজপেয়ী আৰু ধনুষক শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়। অসমৰ চন্দ্ৰ মুদৈ পৰিচালিত ছবি ‘ৰণুৱা’ আৰু ‘ৱাটাৰ বাৰিয়েল’ ছবিৰ বাবে প্ৰযোজক সঞ্জীৱ নাৰায়ণক ‘ৰজত কমল বঁটা’ প্ৰদান কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.