সংঘৰ্ষ পীড়িত ত্ৰিপুৰাৰ ধৰ্মনগৰত ১৪৪ ধাৰা

ত্ৰিপুৰাৰ ধৰ্মনগৰ জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা। বাংলাদেশত হিন্দু সকলৰ বিৰুদ্ধে হোৱা হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিশ্ব হিন্দু পৰিষদে (ভিএইচপি) উলিওৱা এক ৰেলীৰ সময়ত এটা মছজিদত দুৰ্বৃত্তই কৰা আক্ৰমণৰ এদিন পিছতে ৰাজ্যখনৰ ধৰ্মনগৰ জিলাত জাৰি কৰিলে ১৪৪ ধাৰা। স্থানীয় লোকসকলৰ মতে, দুৰ্বৃত্তই মঙলবাৰে সন্ধিয়া উত্তৰ ত্ৰিপুৰা জিলাৰ চামটিলা অঞ্চলত এটা মছজিদ আৰু কেইবাখনো দোকান লণ্ডভণ্ড কৰিছিল।

স্থানীয় আৰক্ষী আৰু ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ (টিএছআৰ) জোৱানৰ সৈতে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীও অঞ্চলটোত মোতায়েন কৰা হৈছে।যিসকলে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উৰাবাতৰি প্ৰচাৰ কৰি আছে আৰু শান্তিপূৰ্ণ পৰিৱেশ বিঘ্নিত কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি চৰকাৰে সকিয়াই দিছে।।

You might also like
Leave A Reply

Your email address will not be published.