ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰে চেন্নাইৰ লগতে তামিলনাডুৰ কেইবাটাও অঞ্চলত প্ৰৱল বৃষ্টিপাতৰ আগজাননী দিছে। বতৰ বিজ্ঞান বিভাগৰ বুলেটিন মতে, দক্ষিণ পূব বংগোপ সাগৰ আৰু ইয়াৰ কাষৰীয়া দক্ষিণ আন্দামান সাগৰৰ ওপৰত ঘূৰ্ণী বতাহৰ প্ৰবাহ অব্যাহত আছে, যি মুল সাগৰ পৃষ্ঠৰ পৰা ৫.৮ কিলোমিটাৰ পৰ্যন্ত বিস্তাৰ হৈ আছে।
ইফালে চেন্নাইৰ পিছপৰা অঞ্চলসমূহ যোৱা কেবাদিনো ধৰি পানীত ডুব গৈছে। বেছিভাগ ৰাস্তা আৰু উপপথ পানীৰ তলত ডুব গৈছে । সুৰক্ষাৰ কথা বিবেচনা কৰি কেইবাটাও স্থানত প্ৰশাসনে বিদ্যুৎ যোগান বন্ধ ৰাখিছে। ইতিমধ্যে বৰষুণৰ ফলত ৰাজ্যখনত চাৰিজন লোকৰ মৃত্যু হৈছে আৰু ৬০ টাতকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে ।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে নীলগিৰি, কইম্বাটুৰ, ডিণ্ডিগুল, থেনি আৰু তিৰুনেলভেলিকে ধৰি ১৪ খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।।