এইবাৰ লিডুত আৰক্ষীৰ এনকাউন্টাৰ!

ব্যুৰ’ ৰিপৰ্ট-

তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ লিডুত আৰক্ষীৰ গুলিচালনা।ৰাহুল দাস নামৰ এটি শিশুৰ হত্যাকাৰী বিক্ৰম দাসলৈ গুলিচালনা আৰক্ষীৰ।আৰক্ষীৰ জিম্মাৰ পৰা লিডুৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ সমীপত পলায়ন কৰিবলৈ চেষ্টা কৰিছিল হত্যাকাৰী বিক্ৰম দাসে।বাওঁভৰিত গুলি লাগি আহত বিক্ৰম দাস।মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ পাছত আহত বিক্ৰমক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰন৷উল্লেখ্য যে বিক্ৰম দাসে নিজৰ ভাগিন ৰাহুল দাসক পাৰিবাৰিক কাৰণত কাজিয়া লাগি হত্যা কৰিছিল৷হত্যাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল বিক্ৰমক।৷

You might also like
Leave A Reply

Your email address will not be published.