চিকিৎসকক আক্ৰমণক লৈ উত্তপ্ত লংকাৰ ক’ভিড হস্পাটাল

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

লংকাৰ উদালিস্থিত ক’ভিড হস্পাটালত তীব্ৰ উত্তেজনা। ক’ভিড ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হস্পাটালত তাণ্ডৱ একাংশ উত্তেজিত লোকৰ।চিকিৎসক,নাৰ্চৰ লগতে অন্যান্য কৰ্মীক আক্ৰমণ। উত্তেজিত লোকে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক। কথমপি প্ৰাণ ৰক্ষা চিকিৎসক জনৰ।হস্পাটালৰ আচবাব ভাঙি তাণ্ডৱ চলালে উত্তেজিত লোকসকলে।এই ঘটনাক তীব্ৰ নিন্দা বিভিন্ন দল-সংগঠনৰ। ঘটনা সন্দৰ্ভত এইপৰ্যন্ত ৪ জনক আটক।ঘটনাৰ প্ৰতিবাদত বুধবাৰে ক’ভিড হস্পাটালখনৰ চিকিৎসক-নাৰ্চ সকলে ক’লা বেজ পৰিধানৰ লগতে বৰ্জন কৰিব বহিৰ্বিভাগৰ সেৱা।।

You might also like
Leave A Reply

Your email address will not be published.