দিল্লীত সংবাদমেলত কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ।
মুখ্যমন্ত্ৰীৰূপে প্ৰথমটো দিল্লী ভ্ৰমণকালত সাংবাদিকক সম্বোধন কৰিলে হিমন্ত বিশ্ব শৰ্মাই।
অসমৰ বান,ক’ভিড পৰিস্থিতি সন্দৰ্ভত আলোচনাৰে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ গ্ৰহণ মুখ্যমন্ত্ৰী শৰ্মাৰ।
আলফা-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভতো প্ৰধানমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় নেতৃত্বৰে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ।
প্ৰতি সোমবাৰে মন্ত্ৰী-বিধায়কৰ সৈতে ৰাজ্যৰ সামগ্ৰীক পৰিস্থিতি সন্দৰ্ভত বৈঠক অনুস্থিত কৰিবলৈ মুখ্যমন্ত্ৰীক পৰামৰ্শ দিছে প্ৰধানমন্ত্ৰীয়ে।
জুন মাহত অসমে লাভ কৰিব ২৯ লাখ ভেকচিন।
আগষ্টৰ পৰা ৰাজ্যত নাথাকিব ভেকচিনৰ সমস্যা।
২০ দিনৰ পাছৰে পৰা লাহে লাহে আঁতৰিব ভেকচিনৰ সমস্যা।
CAA আৰু NRCৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কোনো হাত নাই।
এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব সিদ্ধান্ত।
অসম-নগালেণ্ড সীমা সমস্যা সৰ্বোচ্চ ন্যায়ালয়ৰ হাতত।
পৰীক্ষা অনুস্থিতকৰনক লৈও মন্তব্য মুখ্যমন্ত্ৰীৰ।
সকলো আনুসংগিক পৰ্যালোচনাৰ পাছতে মেট্ৰিক, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত।
উদালিত চিকিৎসকক আক্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।
আজিৰ দুঃসময়ত চিকিৎসকক আক্ৰমণ কৰা মানে নিজক আক্ৰমণ কৰা : মুখ্যমন্ত্ৰী ডঃ শৰ্মা।।

You might also like
Leave A Reply

Your email address will not be published.