আজি ২৬ জানুৱাৰী

সুপ্ৰভাত

➡️আজি ভাৰতৰ গণৰাজ্য দিৱস।
➡️এই দিনটো আন্তৰ্জাতিক সীমা শুক্ল দিৱস হিচাপে পালন কৰা হয়।
➡️১৫৫৬ চনৰ ২৬ জানুৱাৰী তাৰিখে চিৰিৰ পৰা পিছলি মোগল সম্ৰাট হুমায়ুনৰ মৃত্যু হৈছিল।
➡️১৮০২ চনৰ আজিৰ দিনটোতে ফৰাচী সাহিত্যিক ভিক্টৰ হুগোৰ জন্ম হৈছিল।
➡️১৮২৩ চনৰ ২৬ জানুৱাৰী তাৰিখে ইংৰাজ চিকিৎসক, বসন্ত ৰোগৰ প্ৰতিষেধক ছিটাৰ আৱিষ্কাৰক এডৱাৰ্ড জেনাৰৰ মৃত্যু হৈছিল।
➡️১৯৩০ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথমবাৰৰ বাবে স্বৰাজ দিৱস পালন কৰা হৈছিল।
➡️১৯৪৮ চনৰ আজিৰ দিনটোতে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল।
➡️১৯৭২ চনৰ ২৬ জানুৱাৰী তাৰিখে নতুন দিল্লীৰ ইণ্ডিয়া গেটত ৰাষ্ট্ৰীয় স্মাৰক ‘অমৰ জোৱান’ স্থাপিত কৰা হৈছিল।
➡️২০০০ চনৰ এই দিনটোতে গহপুৰক শোণিতপুৰ জিলাৰ এটা মহকুমা ৰূপে ঘোষণা কৰা হৈছিল।
➡️২০০১ চনৰ আজিৰ দিনটোতে গুজৰাটত প্ৰবল ভূমিকম্প হৈছিল। প্ৰায় পঁচিছ হাজাৰ লোকৰ মৃত্যু হৈছিল আৰু এক লাখ লোক গৃহহীন হৈছিল।
➡️২০০৬ চনৰ ২৬ জানুৱাৰী তাৰিখে অসমৰ ১৪ বছৰীয়া ৰাতুল চন্দ্ৰ ৰাভা আৰু ১৫ বছৰীয়া ঋতুপৰ্ণ বড়োক ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদান কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.