১৪ মাৰ্চৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন

আজিৰ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ-

 

▶️জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ ৰাখি এছক’ৰ্ট আৰু পাইলট গাড়ীসমূহক বাদ দি মুখ্যমন্ত্ৰীৰ কনভয়ত গাড়ীৰ সংখ্যা গুৱাহাটী মেট্ৰ’পলিটান এলেকাৰ ভিতৰত ৬খন আৰু অন্যান্য এলেকা-জিলাত ১২ খনত সীমাবদ্ধ থাকিব।
▶️মুখ্যমন্ত্ৰীৰ যাত্ৰাৰ সময়ত নাগৰিকৰ চলাচলত ব্যাঘাত জন্মোৱা নহ’ব। সুৰক্ষাজনিত অত্যন্ত প্ৰয়োজনত ২ মিনিট বা তাতকৈ কম সময়ৰ বাবেহে বাহন চলাচল স্থগিত ৰখা হ’ব।
▶️এম্বুলেঞ্চ চলাচলৰ ক্ষেত্ৰত কোনো ধৰনৰ বাধা নাথাকিব।
▶️ৰাজহুৱা কামত অধিক সময় ব্যয়ত প্ৰাধান্য প্ৰদানেৰে মুখ্যমন্ত্ৰী,মন্ত্ৰী তথা জ্যেষ্ঠ বিষয়াসকলক সম্বৰ্ধনা/উপহাৰ প্ৰদানৰ প্ৰথা বন্ধ। অৱশ্যে, অতিথিসকলৰ প্ৰতি উপযুক্ত সৌজন্যতা প্ৰদৰ্শন কৰা হ’ব।
▶️জিলা গঠনৰ তাৰিখত অসমৰ সকলো জিলাত স্থানীয় লোকৰ সক্ৰিয় সহযোগিতাৰে জিলা দিৱস উদযাপন কৰা হ’ব।
▶️যিবোৰ জিলাত কোনো অধিসূচনা উপলব্ধ নহয় সেই জিলাত জিলাখনৰ প্ৰথমগৰাকী উপায়ুক্তৰ যোগদানৰ তাৰিখটো জিলা দিৱস হিচাপে পালন কৰা হব।
▶️চৰকাৰী ভ্ৰমণ আৰু ৰাজহুৱা কাৰ্যসূচীৰ সময়ত মন্ত্ৰীসকলে কেৱল বাজেটৰ অংশ হোৱা আঁচনি বা আন যিকোনো চৰকাৰী ঘোষণাৰ বিষয়েহে তথ্য প্ৰদান কৰিব।
▶️বিত্তীয় শৃংখলতা বজাই ৰখাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলে পৰ্যাপ্ত বিত্তীয় সম্পদৰ উপলব্ধতাৰ কথা বিবেচনা নকৰাকৈ কোনো নতুন ঘোষণা কৰিব নোৱাৰিব। অৱশ্যে বিভাগীয় আলোচনামৰ্মে সভাত আঁচনিৰ কথা উল্লেখ কৰিব পৰা যাব।
▶️ৰাজ্যিক নিৰ্বাচন আয়োগে ১০ মাৰ্চ ২০২২ৰ আগতে পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰিব।
▶️অসম বিধানসভাৰ বাজেট অধিৱেশন ২০২২ৰ ১৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.