আজি ২৮ জানুৱাৰী

➡️১৮৬৫ চনৰ ২৮ জানুৱাৰী তাৰিখে ভাৰতৰ প্ৰসিদ্ধ জাতীয়তাবাদী নেতা লালা লাজপত ৰায়ৰ জন্ম হৈছিল।
➡️১৮৯৪ চনৰ আজিৰ দিনটোতে দৰং জিলাৰ পথৰুঘাটত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম কৃষক বিদ্ৰোহ হৈছিল। ‘পথৰুঘাটৰ ৰণ’ নামেৰে প্ৰসিদ্ধ এই কৃষক বিদ্ৰোহত ১৪০ জন লোক নিহত আৰু ১৫০জনৰো অধিক লোক আহত হৈছিল।
➡️১৮৯৮ চনৰ এই দিনটোতে ভগ্নী নিবেদিতাৰ ভাৰতলৈ আগমন আৰু স্বামী বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ।
➡️১৯০০ চনৰ ২৮ জানুৱাৰী তাৰিখে ভাৰতীয় সেনাৰ প্ৰথম কমাণ্ডাৰ-ইন-চীফ জেনেৰেল কে এম কেৰিয়াপ্পাৰ জন্ম হৈছিল।
➡️১৯৪৫ চনৰ আজিৰ দিনটোতে ষ্টিলৱেল পথ মুকলি কৰা হৈছিল। ৰাজনৈতিক পৰিস্থিতিৰ বাবে কেইবছৰমানৰ পাছতে এই পথেৰে যাতায়াত বন্ধ কৰি দিয়া হয়।
➡️১৯৫০ চনৰ ২৮ জানুৱাৰী তাৰিখে নতুন দিল্লীত ভাৰতৰ উচ্চতম ন্যায়ালয় মুকলি হৈছিল। ন্যায়াধীশ হৰিলাল জে কানিয়া হৈছিল প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ।
➡️১৯৮৬ চনৰ আজিৰ দিনটোতে মাৰ্কিন মহাকাশযান ‘চেলেঞ্জাৰ’ উৎক্ষেপণৰ মাত্ৰ ৭৩ ছেকেণ্ডৰ পাছতে ভূপতিত হৈছিল। সাতজন মহাকাশচাৰী নিহত হৈছিল।
➡️১৯৯৬ চনৰ ২৮ জানুৱাৰী তাৰিখে কবি-ৰাজনীতিবিদ দেৱকান্ত বৰুৱাৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ আজিৰ দিনটোতে ১১,০০০ ৰানেৰে এদিনীয়া মেচত শচীন তেণ্ডুলকাৰৰ বিশ্ব অভিলেখ।
➡️২০০৩ চনৰ এই দিনটোতে কপিলদেৱলৈ ‘ছিয়েট’ৰ শতাব্দীৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান প্ৰদান কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.