আজি ২৯ জানুৱাৰী

➡️১৫৯৬ চনৰ ২৯ জানুৱাৰীত ইংৰাজ নৌ-অভিযাত্ৰী ফ্ৰান্সিছ ড্ৰেকৰ মৃত্যু হৈছিল।
➡️১৭৮০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম সংবাদ-পত্ৰ ‘বেংগল গেজেট’ৰ প্ৰকাশ।
➡️১৮৯৪ চনৰ এই দিনটোতে সাংবাদিক, গল্পকাৰ লক্ষ্মীনাথ ফুকনৰ জন্ম হৈছিল।
➡️১৯২৬ চনৰ ২৯ জানুৱাৰীত পাকিস্তানৰ পদাৰ্থবিজ্ঞানী আব্দুছ ছালামৰ ভাৰতৰ পঞ্জাবত জন্ম হৈছিল। ১৯৭৯ চনত তেওঁ পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৫৩ চনৰ আজিৰ দিনটোতে ভাৰতত নাটক, নৃত্য আৰু সংগীতৰ বিকাশৰ অৰ্থে সংগীত-নাটক একাডেমী স্থাপন কৰা হৈছিল।
➡️১৯৯৯ চনৰ ২৯ জানুৱাৰী তাৰিখে অসমৰ বাতৰিকাকতৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে স্মাৰক ডাকটিকট উন্মোচন কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.